হৃদয় বিদাৰক! বৌদ্ধ বিহাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী বৌদ্ধ ভিক্ষুৰ…

নিউজ ডেস্কঃ বৌদ্ধ বিহাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এগৰাকী ভিক্ষুৱে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মিজোৰামৰ লংটিলাই জিলাৰ লংপুইত।

লংপুইস্থিত চুমাংগল বৌদ্ধ বিহাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ প্ৰাণত্যাগ কৰে এগৰাকী বৌদ্ধ ভিক্ষুৱে।

মৃত ভিক্ষু গৰাকীৰ পৰিচয় উপান্দিতা মহাথেৰ বুলি জানিব পৰা গৈছে।

ইফালে এই ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বৌদ্ধ বিহাৰখনো।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।