শহুৰেকৰ ঘৰলৈ বুলি ওলাই যােৱা শিক্ষক তাপস জ্যােতি মেধি সন্ধানহীন, পৰিয়ালত হাহাকাৰ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ এগৰাকী শিক্ষক ৰহস্যজনকভাৱে সন্ধানহীন হৈছে।

চলিত মাহতে কাৰ্বি আংলঙৰ ডকমকাৰ লাংহিনৰ নিৱাসী শিক্ষক মনেশ্বৰ কলিতা (৪৬)ৰ সন্ধানহীন হােৱাৰ ঘটনাৰ পিছতে এইবাৰ নগাঁও জিলাৰ ফুলগুৰিৰ এজন শিক্ষক সন্ধানহীন হােৱা বুলি জানিব পৰা গৈছে ৷

সন্ধানহীন শিক্ষকজনৰ ফুলগুৰিৰ পূব শালমাৰাৰ তাপস জ্যোতি মেধি।

image 138
শহুৰেকৰ ঘৰলৈ বুলি ওলাই যােৱা শিক্ষক তাপস জ্যােতি মেধি সন্ধানহীন, পৰিয়ালত হাহাকাৰ 3

তেওঁ নগাঁও জিলাৰ কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ এম ভি স্কুলত কৰ্মৰত।

ইতিমধ্যে, ঘটনা সন্দৰ্ভত তেওঁৰ পত্নী মৌচুমী শইকীয়াই ৰহা থানাত এজাহাৰ দাখিল কৰিছে।

পত্নী মৌচুমী শইকীয়াই প্ৰকাশ কৰা অনুসৰি, শহুৰেকৰ ঘৰলৈ বুলি ওলাই যােৱা তাপস জ্যোতি মেধি ১৭ চেপ্তেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা সন্ধানহীন হয় ৷

জানিব পৰা মতে শিক্ষক মেধি ফুলগুৰিৰ পৰা নিজৰ এ এছ ০২ জে ৭১০৩ নম্বৰৰ চেন্ট্ৰ গাড়ীৰে বৰঘাট বাইপাচৰে আহি থকা অৱস্থাত সন্ধানহীন হয় ৷

উল্লেখ্য যে শিক্ষক মেধিৰ এটি ডেৰবছৰীয়া সন্তান আছে ৷

পত্নী মৌচুমী শইকীয়াই এই বিষয়ে সকলােৰে সহায় বিচাৰিছে।

লগতে চাওকঃ

নিজৰ বাহনতে অচেতন অবস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট শিক্ষক তাপস জ্যােতি মেধি

G02
শহুৰেকৰ ঘৰলৈ বুলি ওলাই যােৱা শিক্ষক তাপস জ্যােতি মেধি সন্ধানহীন, পৰিয়ালত হাহাকাৰ 4