দোচা খাই আহমেদাবাদত দুই শিশুৰ কৰুণ মৃত্যু; পিতৃ-মাতৃৰ অৱস্থা সংকটজনক

নিউজ ডেস্কঃ দোচা খাই অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল দুটি কণমানিয়ে। গুজৰাটৰ আহমেদাবাদত বিষাক্ত দোচা খোৱাৰ পাছতে অসুস্থ হৈ মৃত্যুক সাৱটে নাবালিকা দুগৰাকীয়ে। ইফালে বৰ্তমানো হাস্পতালত সংকটজনক অৱস্থাত চিকিত্সাধীন হৈ আছে পিতৃ-মাতৃ। আহমেদাবাদৰ ঘনশ্যাম ডেইৰী নামৰ এখন দোকানৰ পৰা অনা চাউল আৰু দাইলৰ বিশেষ মিশ্ৰণ অৰ্থাৎ স্থানীয়ভাৱে ‘খিৰু’ বুলি জনাজাত পিঠাগুড়িৰে তৈয়াৰী দোচা খোৱাৰ পাছতে পৰিয়ালটোৰ স্বাস্থ্যৰ অৱনতি ঘটে।

মৃত শিশু দুটিৰ ককাক গৌৰীশংকৰ প্ৰজাপতিয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পুত্ৰ বিমলে ওচৰৰে ডেইৰীখনৰ পৰা দোচা বনাবলৈ পিঠাগুড়ি কিনি আনিছিল। ২ এপ্ৰিলৰ পুৱা বিমল, তেওঁৰ পত্নী ভাৱনা আৰু দুই কন্যাই বমি কৰিবলৈ আৰম্ভ কৰে আৰু অৱস্থা বেয়া হোৱাত তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসাধীন অৱস্থাতে যোৱা ৩ এপ্ৰিলত দম্পতীটোৰ তিনিমহীয়া কন্যা সন্তানটিৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ এপ্ৰিলত চাৰি বছৰীয়া জীয়াৰীগৰাকীয়েও শেষ নিশ্বাস ত্যাগ কৰে।

image 23
দোচা খাই আহমেদাবাদত দুই শিশুৰ কৰুণ মৃত্যু; পিতৃ-মাতৃৰ অৱস্থা সংকটজনক 3

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে এক তদন্ত আৰম্ভ কৰিছে আৰু সমগ্ৰ বিষয়টো খতিয়ান চাই থকা বুলি জানিবলৈ দিছে। আমেদাবাদ পৌৰ নিগমৰ খাদ্য সুৰক্ষা বিভাগে ঘনশ্যাম ডেইৰীৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে হাতত নপৰাৰ বাবে মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

image 24
দোচা খাই আহমেদাবাদত দুই শিশুৰ কৰুণ মৃত্যু; পিতৃ-মাতৃৰ অৱস্থা সংকটজনক 4

আনহাতে, অভিযোগৰ কেন্দ্ৰবিন্দু হৈ পৰা ডেইৰীখনৰ স্বত্বাধিকাৰী ঘনশ্যাম শ্বাহে নিজৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰে। তেওঁ জানিবলৈ দিয়া মতে, সেইদিনা তেওঁ প্ৰায় ১০০ কিলোগ্ৰাম পিঠাগুড়ি বিক্ৰী কৰিছিল যদিও অন্য কোনো গ্ৰাহকৰ পৰা তেনে কোনো অভিযোগ পোৱা নাই। আনকি বাতৰিটো পোৱাৰ পাছত তেওঁ নিজে কেইবাজনো পুৰণা গ্ৰাহকক ফোন কৰি খবৰ লৈছিল যদিও কাৰো স্বাস্থ্যৰ অৱনতি হোৱা নাই বুলি শ্বাহে দাবী কৰে।

প্ৰশাসনৰ তথ্য অনুসৰি বিমলে দোকানখনৰ পৰা ৩ কিলোগ্ৰাম পিঠাগুড়ি কিনি আনিছিল যদিও তাৰে মাত্ৰ ৩০০ গ্ৰামহে দোচা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বাকী থকা অংশখিনিও এতিয়া পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। এই দুৰ্ভাগ্যজনক ঘটনাই চহৰখনৰ খাদ্য সুৰক্ষা ব্যৱস্থাক লৈ এক ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে। চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতিও বৰ্তমান চিকিৎসকে তীক্ষ্ণ নজৰ ৰাখিছে।

Leave a Comment