নিজৰ বাহনতে অচেতন অবস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট শিক্ষক তাপস জ্যােতি মেধি

নিউজ ডেস্ক। শনিবাৰে সন্ধিয়া ৰহস্যজনকভাৱে সন্ধানহীন হােৱা নগাঁও জিলাৰ ৰহাৰ শিক্ষক তাপস জ্যােতি মেধিক উদ্ধাৰ।

জানিব পৰা মতে, লামডিঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচেতন অৱস্থাত দেওবাৰে বিয়লি উদ্ধাৰ হয় শিক্ষক গৰাকীক।

কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ এম ভি স্কুলত কৰ্মৰত শিক্ষকগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত পত্নী মৌচুমী শইকীয়াই দেওবাৰে ৰহা থানাত এজাহাৰ দাখিল কৰিছিল।

image 138
নিজৰ বাহনতে অচেতন অবস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট শিক্ষক তাপস জ্যােতি মেধি 2

পত্নী মৌচুমী শইকীয়াই প্ৰকাশ কৰা অনুসৰি, শহুৰেকৰ ঘৰলৈ বুলি ওলাই যােৱা তাপস জ্যোতি মেধি ১৭ চেপ্তেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা সন্ধানহীন হৈ পৰে ৷

শিক্ষক মেধি ফুলগুৰিৰ পৰা নিজৰ এ এছ ০২ জে ৭১০৩ নম্বৰৰ চেন্ট্ৰ গাড়ীৰে বৰঘাট বাইপাচৰে আহি থকা অৱস্থাত সন্ধানহীন হয় বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে শিক্ষকজনৰ নিজে চলাই নিয়া এ এছ ০২ জে ৭১০৩ নম্বৰৰ চেন্ট্ৰ গাড়ী পথৰ কাষত দুৰ্ঘটনাতগ্ৰস্ত অৱস্থাত উদ্ধাৰ হয়।

অচেতন অৱস্থাত উদ্ধাৰ হােৱা শিক্ষকজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ৰহা আৰক্ষীয়ে।

1 thought on “নিজৰ বাহনতে অচেতন অবস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট শিক্ষক তাপস জ্যােতি মেধি”

Comments are closed.