থাৰ পাৰ্ক কৰিবলৈ গৈ আইতাকক খুন্দা নাতিৰ! উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত হৃদয়বিদাৰক দুৰ্ঘটনা

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত এতিয়া ঘটিছে এক মৰ্মান্তিক দুৰ্ঘটনা। ঘৰৰ পদূলিত এখন থাৰ গাড়ী পাৰ্ক কৰিবলৈ গৈ নিজ নাতিয়েই ভুলবশতঃ মহতিয়াই নিলে আইতাকক। মৰণকাতৰ চিঞৰ মাৰিও ৰক্ষা নপৰিল বৃদ্ধাগৰাকীৰ প্ৰাণ। নাতি আৰু আন একাংশ লোকৰ চকুৰ সন্মুখতে মৃত্যুক সাৱটি ল’লে বৃদ্ধাগৰাকীয়ে। সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে।

কাদ্ৰী গেট থানা এলেকাৰ মচাইনী নামৰ ঠাইত সংঘটিত এই ঘটনাত এজন যুৱকে এখন থাৰ গাড়ী লৈ ঘৰলৈ আহে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে নাতিয়ে হৰ্ণ বজোৱাৰ লগে লগে বৃদ্ধা আইতাক বাহিৰলৈ ওলাই আহে আৰু গেটখন খুলি দিয়ে। ইয়াৰ পাছত নাতিয়ে থাৰখন ঘৰৰ ভিতৰত পাৰ্ক কৰিবলৈ লওঁতেই হঠাতে গাড়ীখনত বেক গিয়াৰ লাগি যায়। গেটখন বন্ধ কৰিবলৈ যোৱা আইতাকক খুন্দা মাৰি গাড়ীখনে দেৱালৰ সৈতে চেপি ধৰে।

image 16
থাৰ পাৰ্ক কৰিবলৈ গৈ আইতাকক খুন্দা নাতিৰ! উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত হৃদয়বিদাৰক দুৰ্ঘটনা 2

থাৰ গাড়ীখন নিজৰ ফালে অহা দেখি বৃদ্ধাগৰাকীয়ে আত্মৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰিছিল যদিও সেয়া যথেষ্ট নাছিল। নাতিয়ে দৌৰি আহি আইতাকক বচাবলৈ চেষ্টা কৰে যদিও গাড়ীখন ৰখাব নোৱাৰিলে। থাৰখনৰ চাবি আনিবলৈ নাতি ঘৰৰ ভিতৰলৈ দৌৰি যোৱাৰ সময়তে অন্য এজন যুৱকো ঘটনাস্থলীত উপস্থিত হয়। কিন্তু গাড়ীখন আঁতৰাব নোৱাৰি কেৱল অসহায়ভাৱে চাই থাকিবলগীয়া হয় তেওঁ।

বৃদ্ধাগৰাকীৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। থাৰখন আঁতৰাই যেতিয়া বৃদ্ধাগৰাকীক উলিয়াই অনা হয়, তেতিয়ালৈকে তেওঁৰ মৃত্যু ঘটে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। চিচিটিভি ফুটেজৰ আধাৰত এইটো এক দুৰ্ঘটনা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰিছে আৰক্ষীয়ে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Leave a Comment