নতুন জীৱনৰ আৰম্ভণিতেই নামি আহিল চৰম বিভীষিকা; শিৱপুৰীত ট্ৰাকৰ চেপাত মৃত্যু দৰা-কইনাসহ চাৰিজনৰ

নিউজ ডেস্কঃ নতুন জীৱনৰ সপোন বুকুত বান্ধি আগবঢ়া এটা যাত্ৰাৰ অন্ত পৰিল এক মৰ্মন্তুদ দুৰ্ঘটনাত। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত পশুখাদ্য কঢ়িয়াই নিয়া এখন দ্ৰুতবেগী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই এখন ৰৈ থকা অটোৰিক্সাৰ ওপৰত বাগৰি পৰাৰ ফলত ন-কইনা আৰু দৰাসহ চাৰিজন লোকৰ কৰুণ মৃত্যু ঘটে। চিচিটিভি কেমেৰাত বন্দী হোৱা এই ভয়ংকৰ দৃশ্যত দেখা গৈছে যে অটোখনত থকা লোকসকলে আত্মৰক্ষাৰ কোনো সুযোগ পোৱাৰ পূৰ্বেই নিমিষতে ট্ৰাকখন তেওঁলোকৰ ওপৰত বাগৰি পৰে।

image 32
নতুন জীৱনৰ আৰম্ভণিতেই নামি আহিল চৰম বিভীষিকা; শিৱপুৰীত ট্ৰাকৰ চেপাত মৃত্যু দৰা-কইনাসহ চাৰিজনৰ 3

জানিব পৰা মতে, এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৫ বছৰীয়া বীৰেন্দ্ৰ শাক্য আৰু ৰাজেশ্বৰী শাক্যৰ মাত্ৰ এদিন পূৰ্বেহে মন্দিৰত ধুমধামেৰে বিবাহ সম্পন্ন হৈছিল। শনিবাৰে পৰিয়ালৰ লোকৰ সৈতে এটা ধৰ্মীয় অনুষ্ঠান শেষ কৰি তেওঁলোকে নিজ গাঁৱলৈ উভতি আহিছিল। অটোখনৰ ভিতৰত দৰা-কইনাৰ লগতে আছিল বীৰেন্দ্ৰৰ ৫০ বছৰীয়া মাতৃ অন্বেষ শাক্য আৰু বৌৱেক ৰাজো শাক্য। দুৰ্ঘটনাৰ মাত্ৰ কেইছেকেণ্ডমান পূৰ্বে দৰাৰ ভগ্নী ভূৰিয়া শাক্য আৰু চালকজনে এখন দোকানলৈ যোৱাৰ বাবেই কথমপি প্ৰাণৰক্ষা পৰে।

image 33
নতুন জীৱনৰ আৰম্ভণিতেই নামি আহিল চৰম বিভীষিকা; শিৱপুৰীত ট্ৰাকৰ চেপাত মৃত্যু দৰা-কইনাসহ চাৰিজনৰ 4

অট’খনত থকা চাৰিওগৰাকী লোকে ট্ৰাকখনৰ ভৰত চেপা খাই থিতাতে মৃত্যুক সাৱটি লয়। স্থানীয় ৰাইজে উদ্ধাৰৰ চেষ্টা চলায় যদিও ট্ৰাকখনৰ ওজনৰ বাবে উদ্ধাৰকাৰ্যত বিফল হয়। পাছত এটা বুলডজাৰ মাতি ট্ৰাকখন আঁতৰাই প্ৰায় আধা ঘণ্টাৰ অন্তত মৃতদেহকেইটা বাহিৰ কৰা হয়। এই ঘটনাই এতিয়া শোকস্তব্ধ কৰি তুলিছে দুয়োটা পৰিয়ালক।

আটাইতকৈ হৃদয়বিদাৰক কথাটো হ’ল, সেইদিনাই দৰাৰ ভগ্নী ভূৰিয়াৰ আঙুঠি পিন্ধোৱা অনুষ্ঠান আয়োজন কৰা হৈছিল। গাঁৱৰ ঘৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল আৰু আনন্দৰ উৎসৱ চলিছিল। কিন্তু এটা দুৰ্ঘটনাই নিমিষতে সেই আনন্দৰ পৰিৱেশক চাৰিখনকৈ চিতাৰ জুইলৈ পৰিৱৰ্তিত কৰিলে। আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু ঘাতক ট্ৰাকখনৰ চালকৰ সন্ধান চলাই থকা বুলি জানিবলৈ দিছে।

Leave a Comment