দুৰ্গা পূজাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ, মহানগৰীৰ মানিব লাগিব এইসমূহ নীতি-নিয়ম…

সমাগত দুৰ্গা পূজা।

আগন্তুক দুৰ্গাপূজাক লৈ গুৱাহাটী মহানগৰীৰ পূজা কমিটিৰ সৈতে প্ৰশাসনৰ বৈঠক।

দুৰ্গা পূজাক লৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে আৰক্ষী, যান-বাহন আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, জিলা পৰিবহণ, জিলা প্ৰশাসনৰ বিষয়াসকল।

পূজা আৰম্ভ হোৱাৰ পৰা প্ৰতিমা বিসৰ্জন দিয়ালৈকে বান্ধি দিছে কেতবোৰ নীতি নিয়ম।

সেই অনুসৰি, পূজাৰ সময়ত সুৰাপান কৰি গাড়ী চলালে ১০,০০০ টকা জৰিমনা ভৰাৰ লগতে লাইচেন্স বাতিল কৰা হ’ব।

মটৰ চাইকেলৰ দুয়োজন আৰোহীয়েই পিন্ধিব লাগিব হেলমেট।

আনহাতে কমিটি সমূহক ৰাস্তাত পেণ্ডেল পাতি পূজা অনুষ্ঠিত নকৰিবলৈ আহ্বান কৰিছে।

ভুল দিশেৰে গাড়ী চলালে বৃহৎ পৰিমাণৰ জৰিমনাও ভৰিব লাগিব।

আনহাতে পূজা পাতিবৰ বাবে Pwd ৰ পৰা noc লোৱাৰ লগতে APDCL ৰ পৰাও অনুমতি ল’ব লাগিব।

সকলো পূজাৰ মণ্ডপতে CCTV ৰ ব্যৱস্থা কৰিব লাগিব।

গাড়ী য’তে ত’তে পাৰ্কিং কৰিব নোৱাৰিব। আৰক্ষীয়ে দিয়া পাৰ্কিংত হে বাহন ৰাখিব লাগিব।

পূজা কমিটিৰ বিষয়ববীয়াই ৰাখিব লাগিব পৰিচয় পত্ৰ।

মহিলাৰ বাবে এটা বেলেগ শাৰী থাকিব লাগিব, প্ৰৱেশ আৰু প্ৰস্থানৰ পথ বেলেগ বেলেগ হ’ব লাগিব।

আনহাতে, পূজা কমিটিয়ে কোভিডৰ প্ৰসংগত অনুমতি ল’ব লাগিব, আবেদন কৰিব পাৰিব থানাসমূহত, পৰ্যাপ্ত স্বেচ্ছাসেৱক থাকিব লাগিব।

পূজাস্থলীত ফাৰ্ষ্ট এইড কাউণ্টাৰ ৰাখিব লাগিব, পূজা মণ্ডপৰ দায়িত্ববাহী লোকৰ নাম বেনাৰত লিখা থাকিব লাগিব।

আনহাতে পাণ্ডু পোৰ্টত এইবাৰ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া ন’হব। তাৰ বাহিৰে বেটকুছি, বশিষ্ঠ, কাছাৰী, চূণচালিত বিসৰ্জন হ’ব বুলিও জানিবলৈ দিছে।