অসমীয়াঅসমগুৱাহাটী

গুৱাহাটীৰ বানৰ ৰং কি? মন্ত্ৰী অশোক সিংহালে ক’লে- কিদৰে মহানগৰীত উদ্ভৱ হ’ল ভয়াবহ বান পৰিস্থিতি…

গুৱাহাটীঃ সোমবাৰৰ পৰাই প্ৰায় অচল হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন ধাৰণ। ৰাজপথৰ ওপৰত হোৱা এবুকু পৰ্যন্ত পানীত আৱদ্ধ হৈ পৰিবলগীয়া হয় মহানগৰবাসী। বিয়লি ৩ বজাতেই স্কুলৰ পৰা ওলাই অহা কণ কণ শিশুৱে মহানগৰীৰ কৃত্ৰিম বানৰ কবলত পৰি ঘৰ পায়হি নিয়া ১১-১২ বজাত।

গুৱাহাটীক স্মাৰ্ট চিটি সজোৱাৰ সপোন দেখুৱাই উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিলে সোমবাৰৰ মহানগৰীৰ কৃত্ৰিম বানে। চহৰবাসীৰ জীৱন দুৰ্বিসহ কৰি তোলা এই ভয়াবহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে এতিয়া উদ্ভট মন্তব্য কৰাহে দেখা গৈছে ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালক।

WhatsApp Image 2024 08 06 at 14.56.54 1cd1a7b1

মেঘালয়ৰ পানীয়ে সোমবাৰে গুৱাহাটী বুৰাইছে বুলি মন্তব্য কৰি মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ পৰা গা এৰা দিবলৈ চেষ্টা কৰা দেখা যায় মন্ত্ৰী অশোক সিংহালে। গুৱাহাটীৰ কৃত্ৰিম বানৰ পানীৰ ৰং বৰ্ণনা কৰি এই পানী যে মেঘালয়ৰ পৰা পাহাৰৰ পৰা নামি আহিছিল সেয়া প্ৰমাণ কৰাত ব্যস্ত হৈ পৰে মন্ত্ৰীগৰাকী।

প্ৰায় ৫ ঘণ্টাৰো অধিক সময় ধৰি গুৱাহাটীৰ ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰা এই কৃত্ৰিম বানৰ ৫০ শতাংশ পানী মেঘালয়ৰ পৰা নামি অহা বুলি মন্তব্য কৰে অশোক সিংহালে। তেওঁ কয়, ‘চহৰৰ পানী আমি চিনি পাও। চহৰৰ নলা-নৰ্দমাৰ পানী ক’লা হয়, কিন্তু কালিৰ পানীখিনি ৰঙা আছিল। এই পানী ৫০ শতাংশই মেঘালয়ৰ পৰা নামি অহা।’

WhatsApp Image 2024 08 06 at 14.56.55 6d2824f2

অৱশ্যে গুৱাহাটীৰ নলা-নৰ্দমাৰ বহন ক্ষমতা অকপটে স্বীকাৰ কৰে মন্ত্ৰী অশোক সিংহালে। তেওঁ কয়, ”যদি ডেৰ ঘণ্টাত ১৩৬ মিলিমিটাৰ বৰষুণ হয়, তেন্তে সেই পানী গুৱাহাটীৰ নলা-নৰ্দমাই বহন কৰিব নোৱাৰে। কালি চানমাৰিত ১৩৬ মিলিমিটাৰ বৰষুণ হোৱা বুলি মোক জনোৱা হৈছিল।’’

WhatsApp Image 2024 08 06 at 14.56.55 9c8541d4

এচি ৰূমত বহি মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ ভয়াবহ ৰূপৰ বিশ্লেষণ কৰা মন্ত্ৰী অশোক সিংহালে লগতে কয় যে মহানগৰীৰ যথেষ্টখিনি উন্নয়ন হৈছে। তেওঁ কয়, ”গুৱাহাটীৰ উন্নয়ন নোহোৱা নহয়, কিন্তু মেঘালয়ৰ পৰা অহা পানী আমি ৰোধ কৰিব পৰা নাই।’’

লগতে চাওকঃ

চুবুৰীয়া এইখন ৰাজ্যৰ এটা প্ৰসিদ্ধ ‘শিৱ লিংগ’ত নিষিদ্ধ ব’ল বমৰ পূজা-অৰ্চনা, কিন্তু কিয়?

siv

Leave a Reply

Your email address will not be published. Required fields are marked *