চাঞ্চল্যকৰ! মহানগৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ অধিবক্তাৰ মৃতদেহ…

নিউজ ডেস্কঃ মহানগৰীত পুনৰ ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ মৃতদেহ।

এইবাৰ গুৱাহাটীত উদ্ধাৰ এগৰাকী অধিবক্তাৰ মৃতদেহ।

শুকুৰবাৰে ভেটাপাৰাৰ স্বৰ্ণলতা পথত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় অধিবক্তাগৰাকীৰ মৃতদেহ।

মৃতদেহটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কন্দৰ্প ওঝাৰ বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে কন্দৰ্পৰ মৃতদেহটো।

কন্দৰ্পৰ পিতৃৰ দাবী অনুসৰি কোঠাৰ ভিতৰত ডিঙি কাটি আত্মহত্যা কৰিছে অধিবক্তাগৰাকীয়ে।

অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ কাৰণ।