গুৱাহাটীঃ গুৱাহাটীত অব্যাহত আছে যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ধাৰাবাহিকতা। মহানগৰীত সংঘটিত ইটোৰ পিছত সিটো মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মাত্ৰ কেইটামান দিন পূৰ্বে গুৱাহাটীৰ তৰুণ নগৰৰ ভাড়াঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি পুনৰ ৰুক্মিণীনগৰৰ ভাড়াঘৰৰ পৰা আন এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
উল্লেখ্য যে, মাত্ৰ দুদিন পূৰ্বে তৰুণ নগৰৰ ভাড়াঘৰৰ পাকঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ প্ৰতীক্ষা শৰ্মা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। গুৱাহাটীৰ ডালমিয়া ভাৰত গ্ৰুপত কৰ্মৰত হৈ থকা যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়াল আৰু বন্ধুবৰ্গই।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা মতে, বুধবাৰে প্ৰতীক্ষাৰ ঘৰলৈ আহিছিল এজন যুৱক। যুৱকজনৰ অহাৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। জানিব পৰা মতে, নিশা ১১ বজালৈকে প্ৰতীক্ষাৰ সৈতে আছিল যুৱকজনক। তাৰ পাছতেই প্রতীক্ষাই আত্মহননৰ সিদ্ধান্ত লৈছিল বুলি ধাৰণা কৰা হৈছে৷ কিন্তু তেওঁ কিয় এই চৰম পদক্ষেপ ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আনহাতে যুৱকজনৰ পৰিচয়ো এতিয়ালৈকে উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
এই ঘটনাক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে আজি পুনৰ গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ হয় আন এগৰাকী যুৱতীৰ মৃতদেহ। ৰুক্মিণীনগৰৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী গোৱালপাৰাৰ বিপ্লৱী নাথ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, মাত্ৰ ডেৰমাহ পূৰ্বে ৰুক্মিণীনগৰৰ এই ভাড়াঘৰলৈ আহিছিল যুৱতীগৰাকীয়ে। বিগত তিনিদিন ধৰি পৰিয়ালৰ সৈতে যোগাযোগ নকৰাত, আৰু দুদিন ধৰি ওচৰ চুবুৰীয়াই যুৱতীগৰাকীক প্ৰত্যক্ষ নকৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পৰৱৰ্তী সময়ত বিপ্লৱীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰে।
প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে নৱবৰ্ষৰ দিনা গুৱাহাটীৰ চানমাৰীৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ। বাৰে বাৰে এনেধৰণৰ ঘটনাই ভাড়াঘৰত নিৰাপত্তাৰ অভাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ মতে এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কাৰণ তদন্তৰ অন্তত জানিব পৰা যাব।