১৩, ১৪ এপ্ৰিলত মহানগৰীত যান-বাহন চলাচলত নিৰ্দেশনা! জানক সৱিশেষ…

নিউজ ডেস্কঃ বিহুৰ বিশাল আয়োজন আৰু প্ৰধানমন্ত্ৰীৰ আগমণক লৈ যান-বাহন চলাচলত নিৰ্দেশনা।

১৩ আৰু ১৪ এপ্ৰিলত বন্ধ থাকিব গধুৰ বাহনৰ চলাচল।

উজনিৰ পৰা অহা গধুৰ বাহন চলিব লাগিব বাইহাটা হৈ।

আনহাতে নামনিৰ পৰা অহা গধুৰ বাহন কলিয়াভোমোৰা, নলবাৰী হৈ চলাৰ নিৰ্দেশ।

১৩ এপ্ৰিলত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

পুৱা ৭ বজাৰ পৰা নিশা ১১ বজালৈ আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।

১৪ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

উজনিৰ পৰা অহা বাহনসমূূহ খানাপাৰা, জিএছ ৰোড হৈ চলাৰ নিৰ্দেশ।

উল্লেখ্য যে, অহা ১৪ এপ্ৰিলত সৰুসজাইত একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনী-ঢুলীয়াই।

গিনীজ বুকত বিহুক অন্তৰ্ভূক্তিৰ বাবে এই বিশাল আয়োজন কৰিছে অসম চৰকাৰে।

১৪ এপ্ৰিলৰ এই বিশাল অনুষ্ঠানত মুখ্য অতিথি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।