মণিপুৰৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশ! সন্ধানহীন অসমৰ ১৯ শ্ৰমিক, এজনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত হৈ বিগত ১৪ দিন ধৰি অসমৰ ১৯ জনকৈ শ্ৰমিক সন্ধানহীন হৈ থকাৰ খবৰে শোকৰ বন্যা নমাইছে সমগ্ৰ অসমত।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ কুৰুং কুমে জিলাত কৰ্মৰত হৈ থকা অসমৰ শ্ৰমিক কেইজন সন্ধানহীন হৈ আছে ১৪ দিন ধৰি।

আনহাতে সন্ধানহীন শ্ৰমিক কেইজনৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হোৱাৰ পিছত আন শ্ৰমিক কেইজনক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়াল।

photo 2022 07 19 12 29 59
মণিপুৰৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশ! সন্ধানহীন অসমৰ ১৯ শ্ৰমিক, এজনৰ মৃতদেহ উদ্ধাৰ 5

খবৰ অনুসৰি, আটাইকেইজন শ্ৰমিক ডামিন অঞ্চলৰ বি আৰ অ’ (সীমা পথ সংগঠন)ৰ গড়কাপ্তানি প্ৰকল্পৰ কামত নিয়োজিত আছিল।

৫ জুলাইত আটাইকেইজন শ্ৰমিক অসমলৈ ৰাওনা হৈছিল আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে।

স্থানীয় প্ৰশাসনৰ মতে, কুমি নৈৰ সমীপত এজন শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকী থকা নিৰুদ্দেশ শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। ইয়াৰ বাবে উদ্ধাৰকাৰী দল এটা উক্ত স্থানলৈ প্ৰেৰণ কৰা হৈছে।

photo1658210607
মণিপুৰৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশ! সন্ধানহীন অসমৰ ১৯ শ্ৰমিক, এজনৰ মৃতদেহ উদ্ধাৰ 6

জানিব পৰা মতে, অসমৰ শ্ৰমিক কেইজনে ঈদ উপলক্ষে নিজ নিজ ঘৰলৈ উভতিব বিচাৰিছিল। যাৰ বাবে তেওঁলোকে ঠিকাদাৰৰ পৰা ছুটী বিচাৰিছিল যদিও তেওঁ নাকচ কৰে। ইয়াৰ পিছতেই শ্ৰমিকসকলে খোজকাঢ়ি নিজৰ ঘৰলৈ ৰাওনা হয়। কিন্তু বাট হেৰুৱাই তেওঁলোক কুৰুং কুমে জিলাৰ ঘন অৰণ্যত হেৰাই যায়।

ইফালে, উদ্ধাৰ অভিযানত নিয়োজিত দলটোৱে জনোৱা মতে, বাটত কুমি নৈ পাৰ হোৱাৰ সময়তে শ্ৰমিক কেইজন উটি যোৱাৰ আশংকা কৰা হৈছে। কিন্তু কেতিয়া নৈত উটি গ’ল শ্ৰমিক সকল জানিব পৰা হোৱা নাই। তেওঁলোকৰ পৰিয়ালৰ ওচৰতো কোনো তথ্য নাই।

বৰ্তমানো সন্ধানহীন হৈ থকা অসমৰ শ্ৰমিক কেইজনৰ পৰিচয়- বঙাইগাঁৱৰ আব্দুল আমিন, ৱাজিদ আলী, অভয়াপুৰীৰ নুৰুল ইছলাম, কোকৰাঝাৰৰ কুল পুদিন, ছামিদুল শ্বেখ, ধুবুুৰীৰ আইনুল হক, মনোৱাৰ হুছেইন, মাজিদুল আলী, ফৰিজুল হক, বৰপেটাৰ খাইৰুল ইছলাম, মইজুল হক, বাক্সাৰ জয়নাল আলী, ৰুস্তম আলী, খিতমত আলী, ছাহিদুল ইছলাম, আমিনুল হক, ইব্ৰাহীম আলী, কামৰূপৰ সোণাৰ উদ্দিন বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এসপ্তাহৰ পূৰ্বে শ্ৰমিকসকলে খোজকাঢ়ি ঘৰলৈ ৰাওনা হৈছিল। ঘৰলৈ অহাৰ বাটত কুমি নৈ অতিক্ৰম কৰাৰ সময়তে তেওঁলোকে কোবাল সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, বিগত সময়ছোৱাত উত্তৰ-পূবত অব্যাহত আছে ধাৰাসাৰ বৰষুণ।

অৰুণাচল প্ৰদেশকে ধৰি অসম, মিজোৰাম আদি ৰাজ্যসমূহত যোৱা কেইদিনমানৰ পৰা হৈ থকা নেৰানেপেৰা বৰুষণৰ ফলত উফন্দি উঠিছে নৈৰ জলপৃষ্ঠ। যাৰ বাবে সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতিৰো।

অৰুণাচলৰ কুমি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সময়তে অসমৰ শ্ৰমিক কেইজনো উটি যোৱাৰ আশংকা কৰা হৈছে।

লগতে চাওকঃ এইখন অসমৰে ঘটনা! প্ৰেমিকাৰ পিতৃয়ে হাতে-ভৰি বান্ধি কাটি পেলালে কন্যাৰ প্ৰেমিকৰ দুয়োখন কাণ…

talibani
মণিপুৰৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশ! সন্ধানহীন অসমৰ ১৯ শ্ৰমিক, এজনৰ মৃতদেহ উদ্ধাৰ 7

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে এগৰাকী মহিলাই…

G3 1
মণিপুৰৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশ! সন্ধানহীন অসমৰ ১৯ শ্ৰমিক, এজনৰ মৃতদেহ উদ্ধাৰ 8