
প্ৰেমিকাৰ পিতৃয়ে হাতে-ভৰিয়ে বান্ধি প্ৰেমিকক বিহিলে তালিবানী শাস্তি, কাটি পেলালে দুয়োখন কাণ
নিউজ ডেস্কঃ প্ৰেম কৰাৰ ভয়ংকৰ পৰিণাম ভুগিবলগীয়া হ’ল এজন কিশোৰে।
চিনেমাৰ দৰেই প্ৰেমিক কিশোৰৰ হাতে-ভৰিয়ে বান্ধি দুই কাণ কাটি তালিবানী শাস্তি প্ৰদান কৰিলে প্ৰেমিকাৰ পিতৃয়ে।
এই চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ সমগ্ৰ ৰাজ্য।
জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰৰ শিমলুগুৰি গাঁৱত এজন প্ৰেমিক কিশোৰক নিৰ্মম শাস্তি প্ৰদান কৰে প্ৰেয়সীৰ পিতৃয়ে।
নিজ কন্যাৰ সৈতে ঘৰৰ একেটা কোঠাত প্ৰেমিক কিশোৰজনক প্ৰত্যক্ষ কৰাৰ পিছতে ক্ৰোধাম্বিত হৈ পৰা চিত্ৰ গগৈ নামৰ লোকজনে কিশোৰজনক প্ৰথমে হাত-ভৰিয়ে বান্ধি অমানুষিক অত্যাচাৰ চলায়।
তাৰ পিছত দাৰে কাটি পেলায় কিশোৰজনৰ দুয়োখন কাণ।

জানিব পৰা মতে, চিত্ৰ গগৈয়ে তালিবানী শাস্তি বিহা কিশোৰজন হৈছে একেখন গাঁৱৰে প্ৰয়াত বিজু সন্দিকৈৰ পুত্ৰ।
ইফালে প্ৰেমিকাৰ পিতৃৰ অমানুষিক অত্যাচাৰৰ পিছত মুমুৰ্ষ অৱস্থাত পৰি থকা কিশোৰজনক পৰৱৰ্তী সময়ত স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে।

খবৰ অনুসৰি, কিশোৰী প্ৰেমিকাৰ পিতৃ চিত্ৰ গগৈ গাঁওৰক্ষী বাহিনীৰো এজন কৰ্মকৰ্তা। ঘটনা সন্দৰ্ভত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে অৱশ্যে আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্নৰ উত্থাপন হৈছে।
দুয়োপক্ষৰ পৰা কোনো ধৰণৰ এজাহাৰ দাখিল নকৰাৰ বাবেই কিশোৰৰ দুয়োকাণ কাটি তালিবানী শাস্তি প্ৰদান কৰা স্বত্বেও চিত্ৰ গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
লগতে চাওকঃ
চাঞ্চল্যকৰ! একেলগে কৰ্তব্য সম্পাদন কৰি থকা সময়তে ৩ সতীৰ্থ জোৱানক গুলীয়াই হত্যা আৰক্ষী জোৱান








Pingback: মৰ্মান্তিক! ঈদৰ সময়ত ছুটি নোপোৱাত খোজকাঢ়ি ঘৰলৈ ৰাওনা হৈছিল অৰুণাচলত কৰ্মৰত অসমৰ ১৯ শ্ৰমিক, এজনৰ
Pingback: অৱশেষত উদ্ধাৰ আৰক্ষী আৱাসৰ পৰা চুৰি হোৱা একে-৪৭ ৰাইফলৰ ৯০ জাঁই গুলী, গ্ৰেপ্তাৰ গভাইত চোৰক - NEWS8 NorthEast