নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে ১৪ খন চুৰি স্কুটী আৰু এখন বাইক।
এই অভিযানত আৰক্ষীয়ে এজন কুখ্যাত গাড়ী চােৰকাে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

স্কুটী চুৰি সংক্ৰান্তত এজন ভুক্তভােগীয়ে ৰুজু কৰা গােচৰৰ তদন্ত চলাই এই বৃহৎ সাফল্য লাভ কৰে ৰাজ্যখনৰ আৰক্ষীয়ে।
ইটানগৰৰ বিভিন্ন অঞ্চলত অভিযান চলােৱা হৈছিল আৰক্ষীৰ এই অভিযান।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, চুৰি চক্ৰটােৱে ৬ হাজাৰ পৰা ১৫ হাজাৰ টকা দামত গ্ৰাহকক এই চােৰাং স্কুটী বিক্ৰী কৰিছিল।

আৰক্ষীয়ে এনে চুৰি বাহন ক্ৰয় কৰা এজন গ্ৰাহককাে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জব্দ কৰা দুচকীয়া বাহনৰ মডেল নম্বৰৰ লগতে ইঞ্জিনৰ সবিশেষ তথ্য প্ৰকাশ কৰি প্ৰকৃত গৰাকীৰ সন্ধান অব্যাহত ৰাখিছে।
আৰক্ষীয়ে জনসাধাৰণৰক দুচকীয়া যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
লগতে চাওকঃ
সামাজিক মাধ্যমত ‘আলফা’ক মুকলি সমৰ্থন জনাই আৰক্ষীৰ বিপদত পৰিল প্ৰতিভাৱান বক্সাৰ











1 thought on “শ্ব’ৰূম নহয়! আৰক্ষী অভিযানত জব্দ হ’ল বৃহৎ সংখ্যক চুৰি স্কুটী…”
Comments are closed.