বানৰ সমানে ভূমিস্খলনৰ তাণ্ডৱ! যুৱকৰ মৃত্যু

নিউজ ডেস্ক। কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাতাে পুনৰ বৃদ্ধি পাইছে নদী সমূহৰ জলপৃষ্ঠ।

শনিবাৰে পুৱা ১১:০০ বজাত বৰাক নদীয়ে ১৯:৮৩ মিটাৰ বিপদসীমা অতিক্ৰম কৰাৰ আৰু ১৯:৮৮ মিটাৰ বেগত বৈ থকাৰ তথ্য নথিভুক্ত কৰা হৈছে।

বিগত এমাহৰ ভিতৰত এইবাৰ দ্বিতীয়বাৰৰ বাবে, শিলচৰৰ অন্নপূৰ্ণা ঘাটত বৰাক নদীয়ে বিপদসীমা পাৰ কৰি বৈ থকাৰ খবৰ পোৱা গৈছে।

নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱা খবৰে সাধাৰণ লোকসকললৈ কঢ়িয়াই আনিছে অশনি সংকেত।

নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে, স্লুইচ গেটবোৰ বন্ধ ৰখাৰ ফলস্বৰূপে, যথেষ্ট পানী জমা হৈ আছে আৰু তীব্ৰ বৰষুণৰ ফলত হোৱা বানপানীয়ে আৱাসিক এলেকাবোৰত চলাইছে একপ্ৰকাৰৰ ধ্বংসযজ্ঞ।

3 2
বানৰ সমানে ভূমিস্খলনৰ তাণ্ডৱ! যুৱকৰ মৃত্যু 2

চহৰখনৰ বৃহৎ অংশ এতিয়াও পানীৰ তলত আছে ।

বিশেষজ্ঞসকলে সন্দেহ কৰা অনুসৰি পানীৰ স্তৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান, শিলচৰৰ অন্নপূৰ্ণা ঘাটত পানীৰ স্তৰ প্ৰতি ঘণ্টাত ৭ চেমি হাৰত বৃদ্ধি পাইছে।

অন‍্যহাতে মধুৰা আৰু জাতিঙ্গা নদীও বিপদসীমাৰ ওপৰেৰে বৈ আছে।

ইফালে, হাইলাকান্দি জিলাত প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা ভূমিস্থলনৰ ফলত হাইলাকান্দিৰ কাটলিচেৰা অঞ্চলৰ বাহাৰ উদ্দিন লস্কৰ নামৰ এজন যুৱকে শোকাবহ মৃত‍্যুক আকোঁৱালি লব লগা হয়।

হাইলাকান্দি আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।