
বোকাত পোত যোৱা সাংবাদিকৰ ছেণ্ডেল তুলি দি সহায়ৰ চেষ্টা মুখ্যমন্ত্ৰীৰ, ভাইৰেল ভিডিঅ’…
বোকাত পোত যোৱা সাংবাদিকৰ ছেণ্ডেল তুলি দি সহায়ৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মুহুৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ।
ভয়াৱহ ৰূপ ধাৰণ কৰা ছিপাঝাৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আজি গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
সেই সময়তে বোকাৰ মাজতেই এগৰাকী সাংদিকৰ ছেণ্ডেল চিঙি বোকাত পোত গৈ ৰৈ যোৱা প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগে লগে সেই বোকাৰ পৰা ছেণ্ডেল তুলিবলৈ ধৰে মুখ্যমন্ত্ৰীয়ে।
অৱশ্যে লগতে থকা দেহৰক্ষীয়ে লগে লগে তুলি দিয়ে ছেণ্ডেলপাত।
লগে লগেত উপস্থিত অন্য লোকেও মুখ্যমন্ত্ৰীক বাধা প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ হাতত লগা বোকাও মছি দিয়ে।
উল্লেখ্য যে, বান পৰিস্থিতি পৰিদৰ্শন কৰা সময়ত মুখ্যমন্ত্ৰীৰ লগতে আছিল বহু লোক। আগে আগে আছিল সাংবাদিকৰ দল। লগত আছিল দেহৰক্ষী আৰু বান পীড়িত লোক। কিন্তু তাৰ মাজতে হঠাতে মুখ্যমন্ত্ৰীৰ চকুত পৰে বোকাত আধা পোত যোৱা ছেণ্ডেল পাত।
মুখ্যমন্ত্ৰীৰ চকুত পৰাৰ লগে লগে চিঞৰি উঠে কাৰ ছেণ্ডল বুলি আৰু তুলিবলৈ ধৰে।
মুখ্যমন্ত্ৰীয়ে এনেদৰে সহায় কৰা কাৰ্যত উপস্থিত সকলোৱে তবধ মানিছে।






Pingback: অম্বুবাচী মেলালৈ কোনো লোকক নাহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কাৰণ… - NEWS8 NorthEast