মেঘালয়

সচিবালয়ৰ সন্মুখত শ শ ছুৰী-কটাৰী আত্মসমৰ্পণ কৰি তীব্ৰ প্ৰতিবাদ…

নিউজ ডেস্ক। এক আচৰিত তথা ব্যতিক্ৰম প্ৰতিবাদ।

‘ছুৰী আত্মসমৰ্পণে’ৰে আৰক্ষী নিলম্বনৰ বাবে সচিবালয়ৰ বাহিৰত প্ৰতিবাদ প্ৰতিবাদকাৰীৰ।

এই দৃশ্য দেখা পোৱা গল মেঘালয়ত।

‘সুৰ কি নং মাওলাই’ (মাওলাইৰ জনসাধাৰণৰ কণ্ঠস্বৰ) শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে।

শুকুৰবাৰে শ্বিলঙৰ মুখ্য সচিবালয়ৰ সন্মুখত এই আচৰিত ‘ছুৰী আত্মসমৰ্পণ’ প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে, আৰক্ষীৰ গুলীত মৃত্যু হৈছিল হাইনিৱট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিল (এইচএনএলচি) ৰ প্ৰাক্তন আত্মসমৰ্পণকাৰী নেতা থাংফিল্ডৰ।

The-group-from-Mawlai-identified-as-Ka-Sur-ki-Paidbah-Ki-Nong-Mawlai-has-surprise-the-police-of-Shil

সেয়েহে গুলীচালনাৰ ঘটনাত জড়িত আৰক্ষী বিষয়াসকলক যাতে চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে, সেই উদ্দেশ্যেৰে ব্যতিক্ৰমী প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীয়ে।

সচিবালয়ৰ সন্মুখত এই প্ৰতিবাদ কৰে মাওলাইৰ নেতা তথা বাসিন্দাসকলে।

photo-2021-09-11-17-24-05

প্ৰতিবাদকাৰীয়ে চৰকাৰে তিনিজন শীৰ্ষ আৰক্ষীক নিলম্বন কৰাৰ দাবী তোলে। তেওঁলোক হল আৰক্ষী সঞ্চালক প্ৰধান, পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ আৰক্ষী অধীক্ষক আৰু শ্বিলং ট্ৰেফিক আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক।

প্ৰতিবাদকাৰীয়ে এই সকলক তাৎক্ষণিক নিলম্বন কৰাৰ শ্ল’গান দি প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

The-group-from-Mawlai-identified-as-Ka-Sur-ki-Paidbah-Ki-Nong-Mawlai-has-surprise-the-police-of-Shil

উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে মেঘালয় বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত ৰাজ্যৰ শীৰ্ষ বিষয়া আৰু বিধায়ক, মন্ত্ৰী উপস্থিত থাকিবলৈ প্ৰৱেশ কৰাৰ সময়ত এই প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *