NE

বিগত এমাহত নিচাযুক্ত দ্ৰব্য জব্দ আৰু অপৰাধীক কৰায়ত্ত কৰাত কিমান সফল মহানগৰ আৰক্ষী?

আজাৰা আৰক্ষী থানাত গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ সংবাদমেল।

সংবাদমেলত বিগত এমাহত নিচাযুক্ত দ্ৰব্য জব্দ আৰু অভিযুক্তক কৰায়ত্ত কৰা সন্দৰ্ভত তথ্য দাঙি ধৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে।

ইতিমধ্যে বিগত এটা মাহত অসম আৰক্ষীয়ে ১২১ গৰাকী অপৰাধীক কৰায়ক্ত কৰাৰ লগতে ৩ কেজি হেৰইন, ৪ হেজাৰ কফ চিৰাপ,৮.৫ হেজাৰ নিচাযুক্ত য়াবা টেবলেট,20 খন গাড়ী 12.5কেজি গাঞ্জ জব্দ কৰিবলৈ সক্ষম হৈছে।

লগতে দিল্লী আৰু মণিপুৰৰ পৰাও অপৰাধীক ধৰি আনিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে।

মহানগৰীৰ আজাৰা থানাত দেওবাৰে এক সংবাদমেল আয়োজন কৰি মহানগৰ আৰক্ষী আয়ুক্তই এই তথ্য সদৰি কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰিয়ে ড্ৰাগছৰ তথা নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশ দিছিলে অসম আৰক্ষীক। তাৰ পিছৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে আৰক্ষীয়ে। ফলত বিগত এমাহত এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *