অসম

অসম আৰক্ষীৰ বৃহৎ সফলতা, ৭.৫ কোটি টকাৰ মূল্যৰ হেৰোইন জব্দ, গ্ৰেপ্তাৰ ৬জন…

অসম আৰক্ষীৰ বৃহৎ সফলতা।

সোণাপুৰত বিশাল পৰিমাণৰ হেৰোইন জব্দ আৰক্ষীৰ।

শনিবাৰে নিশা গুৱাহাটী আৰক্ষীৰ এটা দলে অভিযান চলাই নাজিৰাঘাট টোলগেটৰ পৰা ১.১২ কিলোগ্ৰাম ওজনৰ হেৰোইন জব্দ কৰে।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৭.৫ কোটি টকা।

এই ঘটনাৰ সৈতে জৰিত ৬ জন লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

৯৪ টা পেকেটত উদ্ধাৰ হোৱা এই হেৰোইনখিনি এখন বলেৰ’ বাহনৰ বিভিন্ন অংশত লুকুৱাই আনিছিল।

প্ৰতিটো পেকেটৰ ওজন ১২ গ্ৰাম বুলি জানিব পৰা গৈছে।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ড্ৰাগছবোৰ মণিপুৰৰ পৰা অসমলৈ চোৰাংকৈ অনা হৈছিল। অৱশ্যে এতিয়াও তদন্ত চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *