মেঘালয়

মেঘালয়ৰ নিৰাপত্তা সন্দৰ্ভত আলোচনাৰ বাবে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ লেফটেনেন্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাৰ

মেঘালায়ৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে ৰাজ্যপাল সত্যপাল মালিক আৰু মুখ্যমন্ত্ৰী কনৰাড চাংমাক সাক্ষাৎ কৰে ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডাৰ-ইন-চীফ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।

লেফটেনেন্ট জেনেৰেল কলিতাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক ভাৰতীয় সেনাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও অৱগত কৰে।

অঞ্চলটোত এক অনুকূল সুৰক্ষা পৰিৱেশ বৰ্তাই ৰখাৰ স্বাৰ্থত তেওঁ নিৰাপত্তা বাহিনীৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে।

লেফটেনেণ্ট জেনেৰেল কলিতাই মুখ্য কাৰ্যালয় ১০১ এলেকা আৰু মুখ্য কাৰ্যালয় ৫১ উপ অঞ্চল পৰিদৰ্শন কৰে। এই সময়ছোৱাত মেঘালয়ত প্ৰশাসনিক প্ৰস্তুতিৰ বিষয়ে সেনা কমাণ্ডাৰগৰাকীক অৱগত কৰা হয়।

ইয়াৰ পিছতে লেফটেনেণ্ট জেনেৰেল কলিতাই প্ৰশিক্ষণ কাৰ্যকলাপ আৰু আন্তঃগাঁথনিৰ বুজ ল’বলৈ ৫৮ জিটিচি আৰু এআৰচি পৰিদৰ্শন কৰে।

তেওঁ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সেনাই গ্ৰহণ কৰা পদক্ষেপ আৰু মহামাৰীৰ সময়ত স্থানীয় জনতা আৰু অসামৰিক প্ৰশাসনক আগবঢ়োৱা সহায়ৰ বাবে সেনাৰ অক্লান্ত প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *