অসম

ব্যক্তিগত হাস্পতাল কৰ্তৃপক্ষলৈ জাননী জিএমচিৰ, ৭ দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ…

অকুপেঞ্চি চাৰ্টিফিকেট বিচাৰি পুনৰ কেইবাখনো ব্যক্তিগত হাস্পতাললৈ জাননী জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে।

বৃহস্পতিবাৰে জাননী জাৰি কৰি ১৫ খন ব্যক্তিগত খণ্ডৰ হাস্পতালৰ পৰা উত্তৰ বিচাৰিছে জিএমচিয়ে।

উল্লে্খ্য যে, অকুপেঞ্চি চাৰ্টিফিকেট বিচাৰি তৃতীয়বাৰৰ বাবে এই জাননী জাৰি কৰিছে পৌৰ নিগমে।

ইয়াৰ পূৰ্বে যোৱা বছৰ অক্টোবৰ মাহত পৌৰ নিগমে মহানগৰীৰ মুঠ ৬১ খন ব্যক্তিগত হাস্পতাললৈ অকুপেঞ্চি চাৰ্টিফিকেট বিচাৰি জাননী জাৰি কৰিছিল।

এই জাননীৰ পিছতে ৩০ খন হাস্পতালে উত্তৰ প্ৰদান কৰিছিল। আনহাতে তাৰ পৰৱৰ্তী সময়ত জিএমচিয়ে দ্বিতীয়খন জাননী জাৰি কৰাত সেইবাৰ ১৬ খন ব্যক্তিগত হাস্পতালে উত্তৰ দিয়ে।

কিন্তু তাৰ পিছতো বাকী ১৫ খন হাস্পতালে কোনো উত্তৰ নিদিয়াত অৱশেষত তৃতীয়খন জাননী জাৰি কৰি ৭ দিনৰ ভিতৰত হাস্পতাল কৰ্তৃপক্ষৰ পৰা উত্তৰ বিচাৰে গুৱাহাটী পৌৰ নিগমে।

Leave a Reply

Your email address will not be published. Required fields are marked *