মেঘালয়

ভয়ংকৰ IED বিস্ফোৰণে কঁপাই গ’ল শ্বিলঙৰ পুলিচ বজাৰ…

দেওবাৰে শ্বিলঙৰ পুলিচ বজাৰত সংঘটিত হয় এক ভয়ংকৰ IED বিস্ফোৰণৰ ঘটনা।

সন্ধিয়া প্ৰায় ৬.৪০ বজাত পুলিচ বজাৰৰ বিখ্যাত দিল্লী মিষ্টান ভাণ্ডাৰৰ সন্মুখত সংঘটিত হয় এই বিস্ফোৰণ।

চহৰখনৰ পুলিচ বজাৰ (খিনদাইলাও) এলেকাত সংঘটিত এই বিস্ফোৰণটো আই ই ডি বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

বিস্ফোৰণটোত এখন ম’বাইল বিক্ৰীৰ দোকানৰ ক্ষতি হয় যদিও সৌভাগ্যক্রমে কোনো লোক হতাহত হোৱা নাই।

Image

ক’ভিড পৰিস্থিতিৰ বাবে দেওবাৰটো বন্ধ ঘোষিত হোৱাৰ বাবে বহু লোকৰ প্ৰাণৰক্ষা পৰে এই বিস্ফোৰণটোৰ পৰা।

সন্ধিয়া সংঘটিত বিস্ফোৰণটোৰ পিচত সমগ্র শ্বিলঙত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে।

স্থানীয় লোকসকলে কোনো গাড়ীৰ টায়াৰ ফটাৰ ফলত বিস্ফোৰণসদৃশ শব্দ সৃষ্টি হৈছিল বুলি সন্দেহ কৰিছিল যদিও পিচত নিশ্চিত হয় যে কোনো দুষ্কৃতিকাৰীয়ে আন্ধাৰৰ সুযোগ লৈ আই ই ডি বিস্ফোৰণটো সংঘটিত কৰিছিল।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ আগষ্ট মাহতো ৰাজধানী চহৰখনৰ লাইটুমথ্ৰাৰ বজাৰত সংঘটিত হৈছিল আন এটা বিস্ফোৰণ।

বিস্ফোৰণত আহত হৈছিল এগৰাকী মহিলা আৰু ধ্বংসপ্রাপ্ত হৈছিল এখন চাহৰ দোকান।

Leave a Reply

Your email address will not be published. Required fields are marked *