ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন…

আজিৰ পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশন।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হয় বাজেট অধিৱেশন।

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ভাষণেৰে সংসদৰ উভয় সদনতে আৰম্ভ হয় অধিৱেশনৰ কাম-কাজ।

বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১-২২ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব।

পহিলা ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট।

কাইলৈ পুৱা ১১ বজাত বিত্তমন্ত্ৰী সীতাৰমনে সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰিব।

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আজিৰ পৰা অহা ১১ ফেব্ৰুৱাৰীলৈ চলিব।

ইয়াৰ পিছতে নতুন বাজেট সম্পৰ্কত বিভিন্ন বিভাগত আবন্টিত পুঁজি আৰু আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব।

অহা ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজ আৰম্ভ হ’ব আৰু অধিৱেশনৰ অন্ত পৰিব অহা ৮ এপ্ৰিলত।

বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ ১০খন আৰু দ্বিতীয় পৰ্যায়ত ১৯খন বিশেষ বৈঠক অনুষ্ঠিত হ’ব।

Leave a Comment