নিউজ ডেস্ক। মেঘালয়ৰ নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন হাইনিৱট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ (HNLC) ৰ জুনেল টংপেৰ নামৰ কেডাৰজনৰ আত্মসমপৰ্ণ।
বৃহস্পতিবাৰে পূব জয়ন্তিয়া পাহাৰ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী উমকিয়াং আন্তঃৰাষ্ট্ৰীয় সীমান্ত চকী বিএছএফৰ ওচৰত আত্মসমৰ্পণ কেডাৰজনৰ।
মেঘালয় ফ্ৰ’ন্টিয়াৰ সীমান্ত সুৰক্ষা বাহিনীৰ মহাপৰিৰ্শক ইন্দ্ৰজিৎ সিং ৰাণাৰ উপস্থিতিত আত্মসমৰ্পণ কৰে কেডাৰজনে।
জানিব পৰা মতে, মেঘালয়ৰ পূব জয়ন্তিয়া পাহাৰ এলেকাৰ এৰিয়া কমাণ্ডাৰ হিচাপে দায়িত্বত আছিল এই কেডাৰজন।
উমকিয়াঙৰ লুম্ফিলুট গাঁৱৰ বাসিন্দা এই কেডাৰজনে ২੦১੦ ইং চনত উগ্ৰপন্থী সংগঠনটােত যােগদান কৰিছিল।
With the efforts of Intelligence Branch of #BSF, one hardcore cadre of Hynniewtrep National Liberation Council (HNLC) namely Junel Tongper alias June surrendered before #BSF in presence of Sh Inderjit Singh Rana, IG, @BSF_Meghalaya at BOP #Umkiang under Distt East Jaintia Hills. pic.twitter.com/YJJomWgNiC
— BSF MEGHALAYA (@BSF_Meghalaya) December 30, 2021
তেওঁক ২০১৫ চনত মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত জামিনত মুক্তি লাভ কৰি আত্মগােপন কৰিছিল।
ইয়াৰ পাছত ২০২০ ইং চনৰ নৱেম্বৰত পুনৰ সংগঠনটােত যােগদান কৰি বাংলাদেশৰ মৌলৱী বজাৰ জিলাত বাস কৰিছিল।
লগতে চাওকঃ
ভুৱা নিযুক্তি পত্ৰৰে BSFৰ চাকৰিত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ ৩ যুৱক…









