অসম

ভুৱা নিযুক্তি পত্ৰৰে BSFৰ চাকৰিত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ ৩ যুৱক…

কাছাৰত গ্ৰেপ্তাৰ ৩জনকৈ ভুৱা বিএছএফৰ জোৱান।

কাছাৰৰ মাছিমপুৰ বিএএছএফ কেম্পত গ্ৰেপ্তাৰ তিনিজন ভুৱা বিএএছএফৰ জোৱান৷

ভুৱা নিযুক্তি পত্ৰ লৈ মাছিমপুৰ বিএএছএফ কেম্পত যোগদান কৰিবলৈ আহি গ্ৰেপ্তাৰ হ’ল উত্তৰপ্ৰদেশৰ তিনি যুৱক৷

ধৃত যুৱক কেইজনৰ নাম চন্দন সিং, অমিত কুমাৰ আৰু সাহিল বুলি জানিব পৰা গৈছে৷

g8

জানিব পৰা মতে, বুধবাৰে এই তিনি গৰাকী যুৱক ভুৱা নিযুক্তি পত্ৰ লৈ শিলচৰৰ মাছিমপুৰ বিএএছএফ কেম্পত আহি উপস্থিত হৈছিল চাকৰিত যোগদান কৰাৰ বাবে।

পিছে বিএএছএফৰ অফিচাৰ সকলে এই তিনি যুৱক আটক কৰি অৰুনাচল আৰক্ষী চকীত সমজাই দিয়ে আৰু যুৱক তিনি জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ইপিনে যুৱক তিনি জনৰ মতে তেওঁলোক প্ৰতাৰণাৰ বলি হৈছে তেওঁলোকৰ মতে উত্তৰপ্ৰদেশত কোনো এজন লোকে তেওঁলোকৰ পৰা ২১ লাখ টকা লৈ বিএএছএফৰ এই নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।

লগতে চাওকঃ

অৰ্ধনগ্ন হৈ যুৱকক প্ৰহাৰ DSPৰ, ভাইৰেল ভিডিঅ’ই তুলিছে খলকনি

Leave a Reply

Your email address will not be published. Required fields are marked *