১.৭ কৌটি টকা মূল্যৰ বাৰ্মিজ চুপাৰী জব্দ আছাম ৰাইফলছৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানৰ সমান্তৰালভাৱে মিজােৰামতাে আছাম ৰাইফলছে ম্যানমাৰৰ পৰা ভাৰতত অবৈধভাৱে আমদানি কৰা বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।

সময়ে-সময়ে চলােৱা এনে অভিযানত জব্দ কৰা হৈছে কৌটি কৌটি টকা মূল্যৰ চােৰাং বাৰ্মিজ চুপাৰী।

চলিত সপ্তাহত মিজােৰাম ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত আছাম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চােৰাং বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে।

সেই অনুসৰি ২ আগষ্টত ৰুয়ান্টলাঙৰ পৰা ৬৬.৬৬ লাখ টকাৰ চােৰাং বাৰ্মিজ চুপাৰীৰ ৩৭০ টা বেগ জব্দ কৰে আছাম ৰাইফলছে।

৩ আগষ্টতো মিজোৰামৰ চাম্ফাই জিলাৰ সাধাৰণ এলেকা ৰুয়ান্টলাং আৰু এনগুৰৰ পৰা পুনৰ ১.০৩ কোটি টকাৰ বাৰ্মিজ চুপাৰীৰ ৪৩০ টা বেগ জব্দ কৰিবলৈ সক্ষম হয় আছাম ৰাইফলছ।

উল্লেখ্য যে ম্যানমাৰৰ পৰা মিজােৰাম হৈ বৰাক উপত্যকাৰে অসমত প্ৰৱেশ কৰে চােৰাং বাৰ্মিজ চুপাৰী।

অসমৰ পৰা কৰ ফাঁকিৰে দেশৰ আন আন ৰাজ্যলৈ সৰবৰাহ হয় এই বাৰ্মিজ চুপাৰী।

বাৰ্মিজ চুপাৰীক লৈ বৃহৎ চিণ্ডিকেট গঢ়ি উঠিছে সমগ্ৰ ৰাজ্যতে।

Leave a Comment