অসম

মিজোৰাম ভ্ৰমণ সংক্ৰান্তত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ…

অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

মিজোৰাম ভ্ৰমণ সংক্ৰান্তত জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত ২৬ জুলাইত সংঘটিত হোৱা সংঘৰ্ষৰ পাছতে ২৯ জুলাইত অসম চৰকাৰে এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল।

নিৰ্দেশনাযোগে অসমৰ ৰাইজক পৰাপক্ষত মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হৈছিল।

HMA19/42/2021-VIG-H&P/Pt-I/ECF168844/28 নং নিৰ্দেশনাৰ জৰিয়তে মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল।

দুয়ো ৰাজ্যৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা শান্তি আলোচনাৰ পাছতে উক্ত নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় অসম চৰাকাৰে।

assam mizo with

অসম চৰকাৰৰ গৃহ ৰাজনৈতিক পৰিক্ৰমাৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *