অৰুণাচল প্ৰদেশ

সেনা-আৰক্ষীৰ অভিযানত উৎখাত হ’ল সন্দেহজনক NSCN-K(YA)ৰ শিবিৰ, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ…

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত চলিছিল সেনা আৰু আৰক্ষীৰ অভিযান।

সেনা-আৰক্ষীৰ অভিযানত উৎখাত হ’ল সন্দেহজনক NSCN-K(YA)ৰ শিবিৰ।

সেনাৰ ১৪ ৰাজপুত ৰেজিমেণ্ট আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত উৎখাত হয় এই অস্থায়ী শিবিৰটো।

অৰুণাচল প্ৰদেশ আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১৪ ৰাজপুত ৰেজিমেণ্টে ২২ মাইল মিয়াও–বিজয়নগৰ ৰোডত চলাইছিল এই যুটীয়া অভিযান।

অভিযানকাৰী দলটোৱে এটা একে ৪৭ ৰাইফল, ৫০জাঁই সক্ৰিয় গুলী, এটা মেগজিন, ৬টা ডিট’নেটৰসহ খাদ্য সামগ্ৰী জব্দ কৰে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *