নিৰীহৰ লগত অত্যন্ত মৰমীয়াল হ’ব লাগিব অসম আৰক্ষীঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। নিৰীহ মানুহৰ লগত আৰক্ষীৰ কথাবতৰা খুব মৰমীয়াল হ’ব লাগে।

মহানগৰীৰ পল্টনবজাৰত এগৰাকী সাধাৰণ লোকক এজন ট্ৰেফিক আৰক্ষীয়ে ৰাজপথত চলোৱা আক্ৰমণ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰহাত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নীৰিহ আৰু সাধাৰণ নাগৰিকৰ সৈতে আৰক্ষীৰ কথাবতৰা অত্যন্ত মৰমীয়াল আৰু ধুনীয়া হ’ব লাগে।

FORn9aRaUAQTOIy
নিৰীহৰ লগত অত্যন্ত মৰমীয়াল হ’ব লাগিব অসম আৰক্ষীঃ মুখ্যমন্ত্ৰী 3

কিছুদিন পূৰ্বে এগৰাকী অসম অসামৰিক বিষয়াক আৰক্ষীয়ে কৰা দুৰ্ব্যৱাহৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় আৰক্ষীৰ এনে আচৰণ সলনি কৰিব লাগিব।

পল্টন বজাৰত আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰি লোকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা সন্দৰ্ভতো মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে আৰক্ষী উপায়ুক্তক কাৰাগাৰলৈ গৈ লোকজনৰ ওচৰত ক্ষমা খুজিবলৈ কোৱা হৈছে।

এনেবোৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

দীৰ্ঘদিন ধৰি এটা ধাৰাত চলি থকা অসম আৰক্ষীয়ে লাহে লাহে দৃষ্টান্ত সলনি কৰিব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে এয়া হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। কিন্তু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে নিৰীহৰ লগত আৰক্ষী অত্যন্ত মৰমীয়াল হ’ব লাগিব আৰু অপৰাধীৰ লগত কঠোৰতকৈও কঠোৰ হব লাগিব অসম আৰক্ষী।

লগতে চাওকঃ

এইবাৰ মুছলমানৰ ওপৰত চলা নিৰ্যাতনৰ ওপৰত নিৰ্মাণ ছবি! পোষ্টাৰ মুকলি

G8 5
নিৰীহৰ লগত অত্যন্ত মৰমীয়াল হ’ব লাগিব অসম আৰক্ষীঃ মুখ্যমন্ত্ৰী 4

Leave a Comment