অসমীয়াঅসম

শোকাবহ! টিভি চাই চাই খেলি থকা সময়তে আঁঠুৱাৰ ৰচীৰে ফাঁচ খাই মৃত্যু বিশালৰ

নিউজ ডেস্কঃ মৃত্যু কাৰ বাবে কেনেকৈ আহে, কোনে জানে? হোজাই জিলাৰ লংকাৰ এটি ১০ বছৰীয়া শিশুৰ জীৱনলৈও নামি আহিল অকল্পনীয় মৃত্যু।

টিভি চাই চাই আঁঠুৱাৰ ৰচীৰে খেলি থকা সময়তে ফাঁচী লাগি মৃত্যুক সাৱটিবলগীয়া হয় কণমানি শিশুটিয়ে।

এই মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ বন্যা নমাইছে। লগতে চিন্তিত কৰি তুলিছে অভিভাৱক সকলকো।

জানিব পৰা মতে, লংকাৰ ৮ নং ৱাৰ্ডৰ শ্যামল দাস আৰু মীনা দাসৰ জ্যেষ্ঠ পুত্ৰ তথা লংকা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ বিশাল দাস ওৰফে বিচিত্ৰই দেওবাৰে সন্ধিয়া ঘৰতে টিভি চাই চাই আঁঠুৱাৰ ৰচীডালেৰে খেলি আছিল।

photo1653288355

সেই সময়ত মাতৃ মীনা দাসে বিশালক ঘৰত এৰি সৰু পুতেকক লৈ ঘৰৰ ওচৰৰে মন্দিৰলৈ গৈছিল। কিন্তু মন্দিৰৰ পৰা উভতি আহি ডিঙিত আঁঠুৱাৰ ৰচীৰে মেৰ খাই পৰি থকা অৱস্থাত বিশালক দেখি হাহাকাৰ লাগে।

লগে লগে ওচৰ-চুবুৰীয়া গোট খাই শিশুটিক হাস্পতাললৈ নিয়াৰ যো-জা চলায় যদিও তেতিয়ালৈকে মৃত্যু ঘটে বিশালৰ। শিশুটিৰ এনে অকল্পনীয় মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে সকলোকে।

উল্লেখ্য যে, বিশালৰ পিতৃ শ্যামল দাস কৰ্মৰ খাতিৰত ঘৰৰ পৰা দূৰৈত থাকে।

দেওবাৰে সন্ধিয়া বিশালে মাতৃৰ সৈতে মন্দিৰলৈ যাবলৈ জোৰ কৰিছিল যদিও মাকে শিশুটিক ঘৰতে টিভি চাই থাকিবলৈ দি ওলাই যোৱাৰ পিছতে সংঘটিত হয় এই অঘটন।

লগতে চাওকঃ

মৰ্মান্তিক! সংগীতানুষ্ঠানত বাদ্যযন্ত্ৰ বজাই থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

santanu

Leave a Reply

Your email address will not be published. Required fields are marked *