অসমীয়াঅসম

মৰ্মান্তিক! সংগীতানুষ্ঠানত বাদ্যযন্ত্ৰ বজাই থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

নিউজ ডেস্কঃ সংগীতানুষ্ঠানত বাদ্যযন্ত্ৰ সংগত কৰি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটিল এগৰাকী বাদ্যযন্ত্ৰীৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে গোলকগঞ্জত।

জানিব পৰা মতে, কবিগুৰু ৰবীন্দ্ৰনাথৰ জন্মজয়ন্তী উপলক্ষ্যে দেওবাৰে গোলকগঞ্জ বজাৰত অনুষ্ঠিত হৈছিল সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াৰ সংগীতানুষ্ঠানত অংশ লৈছিল অসমৰ লগতে পশ্চিম বংগৰ কেইবাগৰাকীও শিল্পীয়ে।

s 1

সংগীতানুষ্ঠানত গীতৰ তালে তালে ড্ৰাম পেড সংগত কৰি থকা সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হয় শান্তনু সৰকাৰ নামৰ বাদ্যযন্ত্ৰীগৰাকীৰ। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

গোলকগঞ্জৰ নিৱাসী শান্তনুৰ এনে আকস্মিক মৃত্যুৱে শোকৰ বন্যা নমাইছে সমগ্ৰ অঞ্চলটোত। ইফালে যুৱকজনে হৃদৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে বাদ্যযন্ত্ৰ বজাই থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Leave a Reply

Your email address will not be published. Required fields are marked *