অসমীয়াৰাষ্ট্ৰীয়

সাংসদ অৰ্জুন সিঙৰ দলত্যাগৰ পিছতে পশ্চিমবংগ বিজেপিত হাহাকাৰ! আন বহু হেভিৱেট নেতাৰ দলত্যাগৰ আশংকা

নিউজ ডেস্কঃ সুদীৰ্ঘ ৩ বছৰ ২ মাহ আৰু ৮ দিনৰ পিছত পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতিল বিজেপি সাংসদ অৰ্জুন সিং। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মমতা বাহিনীৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটনা গেৰুৱা বসন পৰিধান কৰিছিল অৰ্জুন সিঙে। কিন্তু এতিয়া বিজেপি এৰি পুনৰ মমতাৰ আশ্ৰয়লৈ আহিবলৈ তেওঁ বাধ্য হৈ পৰে।

ইফালে বাৰেকপুৰৰ সাংসদগৰাকীৰ বিজেপি ত্যাগৰ পিছতে পশ্চিমবংগ বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৰ্জুন সিঙৰ দলত্যাগৰ পিছতে আজি দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ সৰ্বভাৰতীয় উপ-সভাপতি দিলীপ ঘোষ।

Image

সূত্ৰঅনুসৰি, দিলীপ ঘোষে আজি দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এক বৈঠকত অংশ ল’ব। য’ত অৰ্জুন সিঙৰ সাংসদত্ব আৰু কেন্দ্ৰীয় নিৰাপত্তা সম্পৰ্কে আলোচনা হোৱাৰ সম্ভাৱনা আছে। অৰ্জুন সিঙৰ দলত্যাগৰ পিছত বাৰেকপুৰৰ সাংগঠনিক পৰিস্থিতি সম্পৰ্কেও বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, কিছু মাহ পূৰ্বে বাবুল সুপ্ৰিয়ই বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। তাৰ পিছতে দেওবাৰে অৰ্জুন সিঙৰ দলত্যাগে পশ্চিমবংগত বিজেপিৰ ভেটি ক্ৰমাৎ দুৰ্বল কৰি তুলিছে।

Image

বিজেপিৰ সৰ্বভাৰতীয় উপ-সভাপতি দিলীপ ঘোষে স্বীকাৰ কৰিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু বহুতে দল ত্যাগ কৰিব পাৰে। অৰ্জুন সিঙৰ দলত্যাগ সন্দৰ্ভত দিলীপ ঘোষে কয়, “প্ৰকৃততে, অৰ্জুন চাপত পৰিছে। তেওঁৰ বহুতো ব্যৱসায় বন্ধ কৰি দিয়া হৈছে। তাৰ পিছত, আৰু যুঁজ দিয়াটো সম্ভৱ নহ’লহেঁতেন। প্ৰশাসনিক চাপ সহ্য কৰিব নোৱাৰি তেওঁ আত্মসমৰ্পণ কৰিলে।”

Image

অৰ্জুন সিঙৰ দলত্যাগৰ পিছত পশ্চিম বংগ বিজেপিৰ আন কেইবাজনো নেতাই দলত্যাগ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশেষকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেইবাজনো বিজেপি নেতাই দলত্যাগ কৰিব বুলি ইতিমধ্যেই স্পষ্ট হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *