অসমঅসমীয়া

বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্তক আটক, ৫ জনক আৰক্ষী জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্কঃ বটদ্ৰৱা থানা কাণ্ডৰ তদন্ত ক্ষীপ্ৰতাৰে অব্যাহত ৰাখিছে আৰক্ষীয়ে। ভাইৰেল ভিডিঅ’ৰ জৰিয়তে ইতিমধ্যে বহু কেইজনক চিনাক্ত কৰি আৰক্ষীয়ে আটক কৰিছে।

সোমবাৰে আৰক্ষীয়ে পুনৰ আটক কৰিছে থানা জ্বলাই দিয়া কাণ্ডৰ সৈতে জড়িত থকা আন এজন অভিযুক্তক। ধৃত অভিযুক্তজনক বটদ্ৰৱাৰ হাইডুবিৰ নিৱাসী আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

photo1653295473 2

আৰক্ষীয়ে পুৱা অভিযুক্তজনক আটক কৰাৰ পিছতে নগাঁও সদৰ থানালৈ লৈ আনে। অভিযুক্তক আদালতত হাজিৰ কৰোৱাত আদালতে আনোৱাৰ হুছেইনসহ ৫ জনক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, নিশা ধিং আৰক্ষীয়ে অভিযান চলাই বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত থকা ইমান আলী নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে অভিযুক্তজনৰ পৰা এটা পিষ্টলৰ লগতে ড্ৰাগছ উদ্ধাৰ কৰে।

photo1653295473 1

বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত ইতিমধ্যে ২১জনক আৰক্ষীয়ে চিনাক্ত কৰিছে ভাইৰেল ভিডিঅ’ৰ জৰিয়তে। আৰক্ষীয়ে ৫ জনক গ্ৰেপ্তাৰ কৰি আৰক্ষী জিম্মাত লোৱাৰ বিপৰীতে বাকী অভিযুক্তসকলক সোধা-পোধা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *