মেঘালয়ত নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ, ৰাজ্যত প্ৰৱেশৰ বাবে প্ৰয়োজন নহয় RT-PCR ৰিপ’ৰ্ট

নিউজ ডেস্ক। কোভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত শিথিল কৰা হৈছে কোভিড নিষেধাজ্ঞা।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে জানিবলৈ দিয়া মতে, অহা শুকুৰবাৰ অৰ্থাৎ ১১ ফেব্ৰুৱাৰীৰ পৰা মেঘালয়ত কাৰ্যকৰী হ’ব কোভিডৰ নতুন নীতি।

ৰাজ্য চৰকাৰৰ কোভিড পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, ৰাজ্যখনত পূৰ্বে জাৰি হৈ থকা নৈশ সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে।

FLAr-WYRVQAYJYk5

আনহাতে কোভিডৰ দুপালি প্ৰতিষেধক গ্ৰহণ কৰা সকলৰ বাবে মেঘালয়ত প্ৰৱেশৰ সময়ত আৰটি-পিচিআৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই জানিবলৈ দিয়া মতে, অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা ৰাজধানী শ্বিলঙৰ বাহিৰে আন আন জিলাৰ বিদ্যালয়সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। য’ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অফলাইন পাঠদান চলাব পাৰিব।

FLC-G2-CVIAA8o-S1

ৰাজ্যখনত হ্ৰাস পোৱা কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰেষ্টুৰেণ্ট, শ্বপিং মল, চিনেমা হল আৰু থিয়েটাৰ আদিও খোলাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে এনেধৰণৰ ৰাজহুৱা স্থানত কোভিডৰ দুপালি প্ৰতিষেধক গ্ৰহণ কৰা সকলকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হব বুলি স্পষ্ট কৰি দিছে মেঘালয় চৰকাৰে।

১১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’বলগীয়া কোভিডৰ নতুন বিধি অনুসৰি, এতিয়াৰে পৰা ৰাজ্যখনত বিবাহ, অন্ত্যোষ্টিক্ৰিয়া বা অন্য ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন নহ’ব।

অৱশ্যে সকলো ৰাজহুৱা অনু্ষ্ঠানত কোভিড বিধি মানি চলাটো বাধ্যতামূলক।

মুখ্যমন্ত্ৰী চাংমাই জানিবলৈ দিয়া মতে, ব্যক্তিগত বাহনৰ বাবে অড-ইভেন নিয়ম অব্যাহত থাকিব।

Leave a Comment