মেঘালয়ত কংগ্ৰেছত মোক্ষম আঘাত।
অৱশিষ্ট ৫ কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি যোগদান কৰিলে এমডিএত।
কংগ্ৰেছ এৰি এমডিএত যোগদান কৰা পাঁচজন বিধায়ক হৈছে চিএলপি নেতা অম্পাৰিন লিংডো, মাইৰালবৰ্ণ ছিয়াম, মহেন্দ্ৰো ৰাপচাং, কিম্ফা মাৰ্বানিয়াং আৰু পিটি চাকমি।
কংগ্ৰেছৰ ৫ জন বিধায়কে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ পত্ৰ লিখি তেওঁলোকে মেঘালয়া ডেমক্ৰেটিক এলায়েন্স চৰকাৰত যোগদান কৰাৰ বিষয়ে অৱগত কৰিছে।
মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ লিখা এখন পত্ৰত কংগ্ৰেছ বিধায়িনী দলে কয় যে, দলটোৱে ৰাজ্যখনক আগুৱাই নিয়াৰ লগতে নাগৰিকসকৰ স্বাৰ্থৰ বাবে এম ডি এত যোগদান কৰিছে।
উল্লেখ্য যে, বিগত নৱেম্বৰ মাহত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা মুকুল চাংমাকে ধৰি দলটোৰ ১২ জনকৈ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।
ইয়াৰ পিছত ৰাজ্যখনত মাত্ৰ ৫ জনহে কংগ্ৰেছ বিধায়ক ৰৈছিলগৈ।
মেঘালয় ডেমক্ৰেটিক এলায়েন্স হৈছে ৰাজনৈতিক দলসমূহৰ এক মিত্ৰজোঁট যি ২০০৩ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত মেঘালয় ৰাজ্যত চৰকাৰ গঠন কৰিছিল।
ইয়াৰ তেতিয়া নেতৃত্ব দিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে (INC)।









