NE

মৃণাল শইকীয়াৰ পাছত এইবাৰ বিধায়ক আৱাসগৃহৰ পৰা চোৰে নিলে সুৰেণ ফুকনৰ চাইকেল

দিছপুৰত থকা বিধায়ক আৱসগৃহৰ পৰা পুনৰ চাইকেল চোৰৰ ঘটনা।

মৃণাল শইকীয়াৰ পাছত এইবাৰ বিধায়ক আৱসগৃহৰ পৰা চোৰে নিলে বিধায়ক সুৰেণ ফুকনৰ চাইকেল।

ডিগবৈৰ বিধায়ক সুৰেণ ফুকেনৰ আৱাসগৃহৰ পৰা চোৰে লৈ গ’ল বিধায়কগৰাকীৰ পুত্ৰৰ এখন নতুন চাইকেল।

১৮ আগষ্টত বিধায়কগৰাকীয়ে ক্ৰয় কৰিছিল চাইকেলখন।

নতুন বিধায়ক অৱাসৰ দ্বিতীয় মহলাৰ পৰা চোৰে লৈ যায় চাইকেলখন।

বিধায়ক আৱাসত চি চি টিভি লগোৱা আছে যদিও চি চি টিভিত চাইকেল খন চোৰে লৈ যোৱাৰ কোনো দৃশ্য নাই।

জানিব পৰা মতে বিধায়কগৰাকীৰ আৱাসগৃহৰ কোঠাৰ তলা ভাঙি চোৰে চাইকেলখন লৈ যায়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিছপুৰৰ বিধায়ক আৱাসৰ পৰাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ এখন চাইকেল চোৰে লৈ গৈছিল।

ইয়াৰ পাছতে বিধায়কগাৰকীয়ে ফেচবুকৰ জৰিয়তে তেওঁৰ চাইকেলখন ঘূৰাই দিবলৈ আহ্বান জনাইছিল আৰু সেই আহ্বান অনুসৰিয়েই তেওঁৰ চাইকেলখন যি স্থানৰ পৰা লৈ গৈছিল সেই স্থানতেই পুনৰ লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *