অসম

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই…

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতা শইকীয়াই।

ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে নন্দিতাই।

বুধবাৰে দিনৰ প্ৰায় ১ঃ২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে নন্দিতাই।

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা শইকীয়া।

কিছুদিন পূৰ্বে মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল নন্দিতা।

শনিবাৰে ধেমাজিৰ বাছ আস্থানৰ সমীপত ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে দাৰে ঘপিয়াই উপৰ্যুপৰি আক্ৰমণ কৰিছিল নন্দিতা শইকীয়াৰ লগতে তেওঁৰ সহপাঠী কস্মিতা দত্তক।

নন্দিতাৰ ঘৰ ঢকুৱাখনা কাঠৰবাৰী গাঁৱত। মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী আছিল নন্দিতা।

আই চি ইউত জীৱন-মৃত্যুৰে যুঁজ দিয়াৰ অন্তত আজি নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই। 

Leave a Reply

Your email address will not be published. Required fields are marked *