মাৰণাস্ত্ৰসহ দুই ম্যানমাৰৰ নাগৰিকক আটক আছাম ৰাইফলছৰ

নিউজ ডেস্ক। আছাম ৰাইফলছৰ সফলতা।

মিজোৰামৰ লংটলাই জিলাত দুই ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে আছাম ৰাইফলছে।

গ্ৰেপ্তাৰ কৰা দুয়োজনৰ পৰা ৰাইফল আৰু কাৰ্ট্ৰিজ জব্দ কৰিবলৈ সক্ষম হয় আছাম ৰাইফলছ।

বৃহস্পতিবাৰে এক বিবৃতিযোগে আছাম ৰাইফলছে কয় যে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আছাম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ জোৱানে বুধবাৰে জোচাচুয়া আৰু ভাৰেং গাঁৱৰ মাজত চেকুল নদীৰ ওপৰত এক যুটীয়া অভিযান চলায়।

অভিযানত দুই ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰি ৰাইফল আৰু কাৰ্ট্ৰিজ জব্দ কৰা হয়।

বিবৃতিটোত লগতে কোৱা হয় যে, ভাৰত-ম্যানমাৰ সীমান্তৰ লাইটলাঙৰ মাজেৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ চোৰাং ব্যৱসায়ৰ তথ্যৰ ওপৰত ভিত্তি কৰি নিৰাপত্তা বাহিনীয়ে এখন নাও জব্দ কৰে আৰু তালাচী চলায়।

নাওখনত ম্যানমাৰত নিৰ্মিত ৰাইফল আৰু ২৬ টা কাৰ্ট্ৰিজ উদ্ধাৰ কৰা হয়।

Leave a Comment