ৰাষ্ট্ৰীয়

দুই শিশু হঠাতে হৈ পৰিল ৯০০ কোটিৰ গৰাকী! কিন্তু কেনেকৈ?

নিউজ ডেস্ক। অলপতে বিহাৰৰ খাগৰীয়া জিলাৰ এজন লোকে নিজৰ বেংক একাউণ্টত হঠাতে লাভ কৰিছিল ৫.৫ লাখ টকা। ইয়াৰ পিছতে তেওঁ লাভ কৰা সেই ধন খৰচ কৰিবলৈ আৰম্ভ কৰিছিল। লোকজনৰ নাম আছিল ৰঞ্জিত দাস।

আচলতে ভুলক্ৰমে তেওঁৰ একাউণ্টত জমা হৈছিল সেই টকা। পিছত সেই কথা বেংক কৰ্তৃপক্ষই জানিব পাৰি পুনৰ ঘূৰাই বিচাৰিছিল তেওঁৰ পৰা সেই ধন। কিন্তু ৰঞ্জিত দাসে সেই ধন বেংকক ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল।

তেওঁ কৈছিল যে তেওঁক সেই টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণ কৰিছে। কিন্তু পিছত বেংক কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে গোচৰ দি তেওঁক গ্ৰেপ্তাৰ কৰায়। আৰু তাৰ পিছত তেওঁৰ একাউণ্টৰ পৰা টকাখিনি উলিয়াই লয়।

সেই ঘটনাৰ চৰ্চা মাৰ নাযাওঁতেই এইবাৰ পুনৰ চৰ্চালৈ আহিছে আন এক ঘটনা। এইবাৰৰ ঘটনাটো বিহাৰৰ কাটিহাৰৰ। য’ত দুটি শিশুৰ বেংক একাউণ্টত সোমাল ৯৬০ কোটি টকা। এই খবৰে এতিয়া তোলপাৰ লগাইছে সৰ্বত্ৰে।

Bihars-children-became-rich2

তথ্য অনুসৰি, বিহাৰৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পোছাকৰ বাবে একাউণ্টত দিয়া হয় ধন। এই টকা ৰাষ্ট্ৰীয় বেংক একাউণ্টলৈ আহে। সেই অনুসৰি কাটিহাৰৰ দুই সন্তান ক্ৰমে গুৰুচন্দ্ৰ বিশ্বাস আৰু অসিত কুমাৰে পোছাকৰ ধন একাউণ্টত সোমাইছে নেকি বুলি খবৰ লবলৈ উপস্থিত হৈছিল গ্ৰাহক সেৱা কেন্দ্ৰত।

দুয়ো শিশু আজমনগৰ আৰক্ষী থানাৰ অধীনৰ বাঘোৰা পঞ্চায়তৰ পাষ্টিয়া গাঁৱৰ বাসিন্দা। যেতিয়াই কেন্দ্ৰটোৰ পৰিচালকে তেওঁলোকৰ বেংক একাউণ্ট পৰীক্ষা কৰে, তেতিয়া দেখে যে তেওঁলোকৰ একাউণ্টত কোটি কোটি টকা জমা হৈছে।

তেওঁ দেখে যে ছাত্ৰ গুৰুচন্দ্ৰ বিশ্বাসৰ একাউণ্ট নম্বৰ ১০০৮১৫১০৩০২০৮০৮১ ত ৬০ কোটিতকৈও অধিক টকা জমা হৈছে। আনহাতে অসিত কুমাৰৰ একাউণ্ট নম্বৰ ১০০৮১৫১০৩০২০৮০০১ ত ৯০০ কোটি টকাৰ অধিক জমা আছে।

photo-2021-09-16-13-38-17

দুয়োটা একাউণ্ট উত্তৰ বিহাৰ গ্ৰামীণ বেংক ভেলাগঞ্জ শাখাৰ। এই কথা জানিব পাৰি কেন্দ্ৰটোত উপস্থিত থকা আনসকল লোক আচৰিত হৈ পৰে।

এই কথা জানিব পাৰি বেংকৰ বিষয়াসকলো আচৰিত হৈ পৰে যে ইমান বৃহৎ পৰিমাণৰ ধন কৰ পৰা আহিল। ইয়াৰ পিছতেই কাটিহাৰৰ বেংকত ভিৰ হৈছিল অজস্ৰ গ্ৰাহকৰ। বেংকটোৰ প্ৰত্যেকজন গ্ৰাহকে নিজৰ নিজৰ বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰোপৰি প্ৰতিটো গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকৰ দীঘলীয়া শাৰী হৈছিল।

এই সন্দৰ্ভত শাখা প্ৰৱন্ধক মনোজ গুপ্তাই কয় যে, দুয়োটা শিশুৰ একাউণ্টৰ লেনদেন নিষিদ্ধ কৰা হৈছে। বিষয়টো তদন্তৰ অধীনত আছে। এই বিষয়টো জ্যেষ্ঠ বিষয়াসকলক জনোৱা হৈছে।

মাণ্ডলিক প্ৰবন্ধক এম কে মধুকৰে কয় যে, বিষয়টো বেংকৰ পৰা অহাৰ পিছত তদন্ত কৰা হ’ব। অৱশ্যে বেংক বিষয়াসহ সকলো লোক আচৰিত হৈছে। শিশু দুটাৰ পৰিয়ালেও নাজানে যে সেই ধন কৰ পৰা জমা হৈছে।

এই সন্দৰ্ভত জিলা উপায়ুক্ত উদয়ন মিশ্ৰই কয় যে, বেংকৰ বিষয়াসকল এই সন্দৰ্ভত আচৰিত হৈছে। প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পায় যে কাৰিকৰী বিজুতিৰ বাবে মিনি ষ্টেটমেন্টত ইমান বৃহৎ পৰিমাণ দেখা গৈছিল। তেওঁলোকৰ একাউণ্টত কোনো ধন জমা কৰা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *