ৰাষ্ট্ৰীয়অসমীয়া

মন্দিৰত চুৰি কৰিবলৈ গৈ নিজে খন্দা সিন্ধিতেই আৱদ্ধ হৈ পৰিল চোৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্ক। ইশ্বৰৰ ঘৰত চুৰি কৰিবলৈ গৈ বিলাই বিপত্তি ঘটিল এজন চোৰৰ।

সিন্ধি খান্দি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা চোৰে ওলাই অহাৰ সময়ত নিজেই খন্দা সিন্ধিতে আৱদ্ধ হৈ পৰিল।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।

এই ভিডিঅ’টো দেখাৰ পিছত এতিয়া নেটিজেনে কৈছে- আনলৈ বুলি হূল পুতি নিজেই মৰে ফুটি।

p6 4

এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ।

জিলাখনৰ কঞ্চলি মণ্ডলৰ যদুপুড়ি গাঁৱৰ জামি য়েল্লেম্মা মন্দিৰত চুৰি কৰিবলৈ সোমাই নিজেই খন্দা সিন্ধিত আৱদ্ধ হৈ পৰে চোৰ।

বাতৰি অনুসৰি, পাপা ৰাও (৩০) নামৰ চোৰটােৱে নিশা মন্দিৰৰ দেৱালত এটা সৰু ফুটা কৰি ভিতৰত প্ৰৱেশ কৰিছিল।

চোৰজনে মন্দিৰৰ পৰা প্ৰায় ২০ গ্ৰাম ৰূপৰ অলংকাৰ চুৰি কৰি ওলাই অহাৰ সময়ত দেৱালৰ ফুটাটোত আৱদ্ধ হৈ পৰে।

p7

বহুসময় আৱদ্ধ হৈ থকাৰ অন্তত চোৰ পাপা ৰাওৱে অৱশেষত উপায়ন্তৰ হৈ সহায়ৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰে। যাৰ পিছত এজন দুজনকৈ মন্দিৰত গোট খায় স্থানীয় লোকসকল।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত চোৰজনক উদ্ধাৰ কৰে।

আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পাপা ৰাওক। নিজেই কৰা দেৱালৰ ফুটাত নিজেই আৱদ্ধ হৈ পৰা চোৰ পাপা ৰাওৰ বিলৈৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুৰাসক্ত পাপা ৰাওৱে পূৰ্বেও সুৰা ক্ৰয়ৰ বাবে সৰু-সুৰা চুৰি কাণ্ড সংঘটিত কৰি আহিছে। কিছুদিন পূৰ্বে চোৰটোৱে ঘৰৰ গেছ চিলিণ্ডাৰটোও মদ খোৱা টকাৰ বাবে চুৰি কৰি নি বিক্ৰী কৰিছিল।

লগতে চাওকঃ

শোকাৱহ! এখন গাঁৱত একেলগে জ্বলিল পথ দুৰ্ঘটনাত মৃত ৩ বন্ধুৰ চিতা…

467

Leave a Reply

Your email address will not be published. Required fields are marked *