অসম

ম্লান পাব নেকি বিহুত আনন্দ! ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা…

নিউজ ডেস্ক। ব’হাগৰ বিহুত এইবাৰ বতৰে ঢালিব বিহ! অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুক লৈ ইতিমধ্যে ৰাজ্যত উদুলি মুদুলি পৰিৱেশ। ঢোল-পেঁপাৰ মাতে ৰজনজনাইছে গাঁৱৰ আকাশ বতাহ।

কিন্তু তাৰ মাজতে এইবাৰ ৰাজ্যৰ হৈ থকা নেৰেনেপেৰা বৰষুণে যেন স্তিমিত কৰি তুলিছে ব’হাগৰ উছাহ।

325

বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী প্ৰকাশ কৰা মতে, শুকুৰবাৰৰ পৰা ৰাজ্যত পুনৰ প্ৰবল বৃষ্টিপাত হ’ব। দেওবাৰলৈকে ৰাজ্যৰ অধিক সংখ্যক স্থানত হৈ থাকিব প্ৰৱল বৰষুণ।

আনহাতে ৰঙালী বিহুৰ সময়তো বৰষুণ হৈ থকাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এনে পৰিপ্ৰেক্ষিতত এইবাৰ হেঁপাহৰ বিহুতো সেমেকা হৈ পৰাৰ সম্ভাৱনাই অধিক।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে ধাৰাসাৰ বৰষুণ। বৃহস্পতিবাৰৰ দিনটোত আকাশ কিছু ফৰকাল দেখা গ’লেও শুকুৰবাৰৰ পৰা পুনৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

ইতিমধ্যে প্ৰৱল বৰুষণে ৰাজ্যৰ কেইবা ঠাইতো বানৰ তাণ্ডৱ নমাইছে।

লগতে চাওকঃ

বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…

G3 6

Leave a Reply

Your email address will not be published. Required fields are marked *