ৰাষ্ট্ৰীয়

অসমৰ সৈতে কি সম্পৰ্ক ছাত্ৰ নেত্ৰী নেহা বোৰাৰ; কট্টৰ বিজেপিবাদী পৰিয়ালৰ পৰা কেনেকৈ উন্মেষ ঘটিল এটা বাওঁপন্থী স্ফুলিংগ

নিউজ ডেস্কঃ নেহা বোৰা। নিৰ্ভীক, সাহসী আৰু আপোচহীন কণ্ঠ হিচাপে আজি সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত এইগৰাকী ২৯ বছৰীয়া যুৱতী। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বিৰোধী প্ৰতিবাদেই হওক বা বৰ্তমান ৰাজধানী দিল্লী কঁপাই থকা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ বিৰোধী প্ৰতিবাদ, প্ৰতিটো গণআন্দোলনত সন্মুখৰ পৰা সংগ্ৰাম কৰি সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী ছাত্ৰ নেত্ৰীয়ে। কিন্তু এই নেহা বোৰাৰ অসমৰ সৈতে সম্পৰ্ক কি, আপুনি জানেনে?

যোৱা জুলাই মাহত নীটৰ প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ কেলেংকাৰীক কেন্দ্ৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ঐতিহাসিক অনশনত বহিছিল ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু বিশিষ্ট সমাজকৰ্মী ছোনম ৱাংচুক। সেই আন্দোলনৰ সমান্তৰালভাৱে সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িছিল এগৰাকী উদীয়মান যুৱ নেত্ৰীয়ে। চিপিআই (এমএল) লিবাৰেচনৰ ছাত্ৰ সংগঠন ‘অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন’ চমুকৈ আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বোৰাই এই প্ৰতিবাদলৈ পূৰ্ণ সংহতি জনাই নিজৰ কেইবাগৰাকীও সতীৰ্থৰ সৈতে অনশন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ লৈছিল।

ইয়াৰ পিছতো অবিৰতভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে নেহাই। ঝাৰখণ্ড লোকসেৱা আয়োগৰ পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে আয়োজিত এক বিশাল ছাত্ৰ প্ৰতিবাদত অংশ ল’বলৈ তেওঁ ৰাঁচীত উপস্থিত হৈছিল। প্ৰতিবাদ চলি থকাৰ সময়তে হঠাতে কোনো দুৰ্বৃত্তই তেওঁৰ মুখলৈ ক’লা চিয়াঁহী দলিয়াই দিয়ে। কিন্তু এই অনাকাংক্ষিত আক্ৰমণতো অকণো বিচলিত নহৈ বৰঞ্চ অত্যন্ত দৃঢ়তাৰে প্ৰতিপক্ষক প্ৰত্যাহ্বান জনায় নেহাই। তেওঁ স্পষ্ট ভাষাৰে কয় যে মুখলৈ চিয়াঁহী দলিয়ালেই ভয় খাই পিছুৱাই যোৱা ব্যক্তি তেওঁ নহয়; কিয়নো পূৰ্বতে দিল্লীৰ আন্দোলনত তেওঁ আৰক্ষীৰ পেলেট গান আৰু নিৰ্মম লাঠীৰ কোবো সহ্য কৰি থৈছে। চিয়াঁহী দলিয়াই সমগ্ৰ দেশৰ ছাত্ৰ-যুৱসমাজৰ মনত থকা ক্ষোভৰ জুই কেতিয়াও নুমুৱাব নোৱাৰি বুলিও তেওঁ প্ৰত্যাহ্বান জনায়। এই ঘটনাৰ পিছতেই প্ৰতিবাদৰ সময়ত অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিনাচৰ্তে মুক্তিৰ দাবীত বিহাৰৰ ৰাজপথতো উপস্থিত হয় এইগৰাকী ছাত্ৰ নেত্ৰী।

বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীৰ ৰাজপথত অব্যাহত থকা উত্তাল প্ৰতিবাদতো মূখ্য চালিকাশক্তি হৈ পৰিছে নেহা বোৰা। দেশত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন অৰ্থাৎ এছআইআৰ প্ৰক্ৰিয়াত হোৱা অনিয়মৰ ফলত কোটি কোটি লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি বিৰোধী শিবিৰ আৰু নাগৰিক সমাজ সৰৱ হৈ পৰিছে। এই প্ৰক্ৰিয়াক লৈ স্বয়ং মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন আয়ুক্তৰ মাজত তীব্ৰ মতভেদ ঘটাৰ তথ্যও পোহৰলৈ আহিছে। এনে এক স্পৰ্শকাতৰ সময়ত যন্তৰ মন্তৰৰ পৰা আৰম্ভ কৰি সংসদ ভৱন অভিমুখী প্ৰতিবাদত হাজাৰ হাজাৰ সমৰ্থকক একত্ৰিত কৰি সন্মুখৰ পৰা নেতৃত্ব দিছে নেহাই। দিল্লী আৰক্ষীৰ নিৰাপত্তা বেষ্টনী, ধাৰাবাহিক আটক আৰু ভাবুকিকো নেওচি তেওঁ প্ৰতিবাদস্থলীত অবিচলভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে।

স্পষ্টবাদিতা, নিৰ্ভীক বক্তব্য আৰু সংগ্ৰামী মনোভাৱৰ বাবেই নেহা বোৰা এতিয়া সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰো মধ্যমণি। ছ’চিয়েল মিডিয়াত তেওঁৰ অগ্নিবৰষা ভাষণৰ বহুকেইটা ৰীল ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ইফালে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ সৈতে তেওঁৰ ব্যক্তিত্ব তুলনা কৰি সামাজিক মাধ্যমত চলা চৰ্চাৰ প্ৰত্যুত্তৰতো নেহাই নিজৰ পৰিপক্কতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে কোনো ব্যক্তিবিশেষৰ মাজত তুলনা নহয়, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে সংহতিহে তেওঁলোকৰ মূল মন্ত্ৰ। দীপকেও নেহাৰ নেতৃত্ব আৰু প্ৰতিভাক অকপটভাৱে প্ৰশংসা কৰি এই যুৱ সংগ্ৰামক আগুৱাই নিয়াৰ পোষকতা কৰিছে।

দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতক আৰু আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰা নেহাই বৰ্তমান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ আৰ্টছ এণ্ড এস্থেটিক্স’ৰ পৰা পিএইচডি গৱেষণা চলাই আছে। ছাত্ৰাৱস্থাৰ পৰাই বাওঁপন্থী ছাত্ৰ আন্দোলনত সক্ৰিয় হৈ পৰা নেহাৰ ব্যক্তিগত জীৱনৰ পটভূমি কিন্তু সম্পূৰ্ণ ব্যতিক্ৰম। তেওঁৰ ঘৰখন পৰম্পৰাগতভাৱেই বিজেপিৰ কট্টৰ সমৰ্থক।

এক সাক্ষাৎকাৰত নেহাই এই কথা অকপটে স্বীকাৰ কৰি কৈছিল, ”মোৰ পিতৃ-মাতৃ বিজেপিৰ ঘোৰ সমৰ্থক। সেয়ে তেওঁলোকৰ সৈতে মোৰ সম্পৰ্কও ভাল নহয়।’’ পৰিয়ালৰ এনে তীব্ৰ মতবিৰোধ আৰু উত্তপ্ত পৰিৱেশৰ মাজতো অৱশ্যে নিজৰ সিদ্ধান্ত সদায় নিজে লৈ গণমুখী পথ বাচি লৈছে নেহাই। আনকি যন্তৰ মন্তৰৰ অনশনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলা আৰক্ষীৰ বৰ্বৰতা নিজ চকুৰে প্ৰত্যক্ষ কৰাৰ পিছত তেওঁৰ নিজৰ বিজেপি সমৰ্থক মাতৃয়েও এই আন্দোলনক প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল।

আজি সমগ্ৰ দেশৰ ৰাজনীতি কঁপাই থকা এই নেহা বোৰাৰ সৈতে অসমৰ সম্পৰ্ক কি? নেহাৰ ‘বোৰা’ উপাধিটোৰ বাবেই বহুতে তেওঁক অসমৰ সৈতে সংযোগ স্থাপন কৰি আহিছে। নীট কেলেংকাৰীৰ উত্তাল প্ৰতিবাদৰ সময়ছোৱাতো অসমৰ বহু লোকে সামাজিক মাধ্যমত নেহাক ‘অসমৰ সন্তান’ নাইবা থলুৱা ‘বৰা’ পৰিয়ালৰ কন্যা বুলি দাবী কৰি গৌৰৱ প্ৰকাশ কৰা দেখা গৈছিল। কিন্তু দৰাচলতে নেহা বোৰা অসমৰ নহয়, উত্তৰাখণ্ডৰহে। তেওঁৰ প্ৰকৃত ঘৰ উত্তৰাখণ্ডৰ খটিমাত। সেনা বিষয়া পিতৃৰ সন্তান হোৱাৰ বাবে শৈশৱ বিভিন্ন চহৰত অতিবাহিত হোৱা নেহাই শিলিগুৰিৰ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।

উত্তৰাখণ্ডত এই ‘বোৰা’ উপাধিৰ এক সুকীয়া ঐতিহাসিক আৰু সামাজিক পৰিচয় আছে। উত্তৰাখণ্ডৰ কুমাওঁ হিমালয় অঞ্চলৰ আলমোৰা আৰু পিথোৰাগড় জিলাত এই উপাধিৰ লোক বহুলভাৱে বসবাস কৰে। মূলতঃ তাত দুটা সুকীয়া শ্ৰেণীৰ মাজত এই উপাধি দেখা যায়। ইয়াৰে এটা হৈছে পশ্চিম নেপালৰ পৰা প্ৰব্ৰজন কৰা কুমাওঁনীভাষী ‘কুথালিয়া বোৰা’ বা ‘বোৰা কাৰ্কী’ ব্যৱসায়ী সম্প্ৰদায় আৰু আনটো হৈছে কুমাওঁৰ ক্ষত্ৰিয় বৰ্ণৰ ‘বোৰা ৰাজপুত’, যিসকল ঐতিহাসিকভাৱে ভূমিৰ অধিকাৰী তথা প্ৰশাসনিক পদবীত আছিল। অৰ্থাৎ, উত্তৰাখণ্ডৰ এই স্থানীয় ‘বোৰা’ সম্প্ৰদায়ৰ সৈতে অসমৰ থলুৱা ‘বৰা’ উপাধিৰ কোনো ঐতিহাসিক বা বংশগত সংযোগ নাই।

কিন্তু, উত্তৰাখণ্ডৰ এই সংগ্ৰামী জীয়ৰীয়ে আজি নিজৰ পৰিচয় কেৱল কোনো এটা অঞ্চল বা উপাধিতেই আৱদ্ধ নাৰাখি সমগ্ৰ দেশৰ গণতান্ত্ৰিক সংগ্ৰামৰ এক অগ্ৰণী প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *