অসম

চৰকাৰী সাহায্যৰ লোভত ভুৱা বিহু কমিটীৰ নাম তালিকাত অন্তৰ্ভুক্ত হ’লে কি ব্যৱস্থা ল’ব চৰকাৰে?

সাত বিহুৰ ভিতৰত ৰঙালী বিহু উদযাপন কৰা ১০ বছৰ পুৰণি বিহু সমিতিক প্ৰতিশ্ৰুতি অনুসৰি ডেৰ লাখ টকাকৈ সাহাৰ্য আগবঢ়াই ৰাজ্য চৰকাৰে।

কিন্তু ১০ বছৰৰ পূৰ্বে বিহু উদযাপন নকৰা একাংশ বিহু সমিতিয়েও সাহায্যৰ বাবে আবেদন কৰাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিহু কমিটীৰ নামত যদি ভুৱা তালিকা প্ৰকাশ কৰিছে তেন্তে ইয়াৰ বাবে জিলা উপায়ুক্তসকল দোষী হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে তেনে ভুৱা বিহু কমিটীৰ পৰা ধন উভতাই আনিবলৈও জিলা উপায়ক্তসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, নগাওঁ জিলাত সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ নাম অন্তৰ্ভুক্ত হোৱাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল।

২০০৮ চনৰ পিছৰ পৰা এই সমিতিখনে ৰঙালী বিহু উদযাপন কৰাৰ কোনো প্ৰামাণিক তথ্য পোৱা নাযায়।

২০১৮ চনত সদৌ নগাঁও ৰঙালী বিহু সমিতিখনে দুভাগ হৈ দুয়োটা ভাগেই সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ নামত মুকলি বিহু উদযাপন কৰে।

অৱশ্যে ২০১৯, ২০২০ আৰু ২০২১বৰ্ষত সমিতিখনে ৰঙালী বিহু উদযাপন কৰাৰ পৰা বিৰত থাকে।

ইপিনে চৰকাৰী সাহায্য লাভৰ তালিকাত সদৌ নগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ নাম অন্তৰ্ভুক্ত হোৱা দেখি জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *