অসম

শোকাৱহ! এখন গাঁৱত একেলগে জ্বলিল পথ দুৰ্ঘটনাত মৃত ৩ বন্ধুৰ চিতা…

নিউজ ডেস্ক। এক শোকাবহ পথ দুর্ঘটনাই জোকাৰি গ’ল ধুবুৰীৰ সমগ্ৰ চাপৰ অঞ্চল।

চাপৰ থানাৰ অন্তৰ্গত মৌৱাটাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন কণ্টেইনাৰ ট্ৰাকত পালচাৰ বাইকেৰে পিচফালে খুন্দা মৰাৰ ফলত তিনিজনকৈ যুৱকে শোকাবহভাৱে মৃত্যুক সাবটিবলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

image 10

কংকণ অধিকাৰী

দুৰ্ঘটনাটোৰ ফলত মৃত্যুক আকোৱালি লয় নৱ বিবাহিত যুৱক কংকণ অধিকাৰী (২৭), ছাত্ৰনেতা মমেন ৰায় (গাৰো, ৩৫) আৰু জিতু ৰায় নামৰ তিনি যুৱকে।

মৃত তিনিওজন যুৱকৰ ঘৰ চাপৰ চহৰৰ সত্যপুৰত।

image 11

জিতু ৰায়

ভয়ংকৰ দুৰ্ঘটনাত একে গাঁৱৰে তিনিজনকৈ যুৱকৰ মৃত্যু হোৱা ঘটনাই গাঁওখনত অবর্ণনীয় শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

image 12

মমেন ৰায় (গাৰো)

উল্লেখ্য যে, যোৱা ৯ মাৰ্চত কংকণ অধিকাৰীৰ বিবাহ পাশত আৱদ্ধ হৈছিল। মাহ-হালধিৰ গোন্ধ মাৰ নৌযাওঁতেই এইদৰে অকাল বৈধব্যক আঁকোৱালি ল’বলগীয়া হোৱাত দিশহাৰা হৈ পৰিছে সদ্যবিবাহিতা পত্নী অংকনাই।

image 13

আনহাতে একমাত্র পুত্রক অকালতে হেৰুৱাই ভাৰাক্ৰান্ত হৈছে তেওঁৰ পিতৃ আৰু মাতৃ।

ইপিনে দুটি ফুল কুমলীয়া সন্তানৰ পিতৃ মমেন আৰু ঘৰখনৰ ভাৰসা জিতুৰ অকাল মৃত্যুৱে তিনিখনকৈ ঘৰৰ সপোন তথা আশাৰো অকালতে মোহাৰি নিলে।

উল্লেখ্য যে নিশা ১০.৩০ মান বজাত সংঘটিত ভয়াৱহ দুৰ্ঘটনাটোৰ পিচতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে।

image 15

ইপিনে সুৰাপান কৰি তীব্রবেগে মটৰ চাইকেল চলোৱাৰ পৰিণতিতে উক্ত দুর্ঘটনা সংঘটিত হয় বুলি প্রত্যক্ষদর্শীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ পিচত ঘাইপথৰ কাষৰ ‘ছাইডবাম’ত সংশ্লিষ্ট ঠিকাদাৰে মাটি নিদিয়াৰ বাবেই ট্রাকখন ৰাজপথৰ মাজতে ৰৈ থকাৰ বাবেই উক্ত দুর্ঘটনা সংঘটিত হয় বুলিও ৰাইজে মতপোষণ কৰিছে।

দুর্ঘটনা সংঘটিত হোৱাৰ পিচতে ট্রাকখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইপনে বৃহস্পতিবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত তিনিওৰে মৃতদেহ আৰক্ষীয়ে পৰিয়ালক চমজাই দিয়াৰ পিচতে গাঁওখনত কান্দোনৰ ৰোল উঠে। এই হৃদয়বিদাৰক ঘটনাই প্ৰতিগৰাকীৰে চকু সেমেকাই তোলা পৰিলক্ষিত হয়।

বিয়লিৰ ভাগত চাপৰ শ্মশানত বহুসংখ্যক লোকৰ উপস্থিতিত তিনিওগৰাকী যুৱকৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।

image 16

একেলগে তিনি বন্ধুৰ জ্বলি উঠা তিনিখন চিতাই ৰাইজক আৱেগবিহ্বল কৰি তোলে।

এই তিনি যুৱকৰ অকাল মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীর সমবেদনা জ্ঞাপন কৰিছে।

লগতে চাওকঃ

কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ

G3 7

Leave a Reply

Your email address will not be published. Required fields are marked *