মণিপুৰ

মণিপুৰ এম্বুশ্বৰ দায়িত্ব স্বীকাৰ PLA মণিপুৰ আৰু MNPFৰ…

মণিপুৰত শনিবাৰে অসম ৰাইফলছৰ ওপৰত সংঘটিত হোৱা ভয়ংকৰ এম্বুশ্বৰ দায়িত্ব স্বীকাৰ কৰিছে পিপ’লছ লিবাৰেশ্যন আৰ্মি মণিপুৰ আৰু মণিপুৰ নাগা পিপ’লছ ফ্ৰণ্টে(এম এন পি এফে)।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ সিংঘট এলেকাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।

উক্ত এম্বুশ্বত অসম ৰাইফলছৰ ৪৬ বছৰীয়া কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু আঠছৰীয়া সন্তানৰো মৃত্যু হোৱাৰ লগতে অন্য চাৰিজন সেনা জোৱানৰো কৰ্তব্যৰত অৱস্থাত নিহত হয়।

ভাৰতীয় সেনা বাহিনীৰ মুঠ পাঁচগৰাকী বীৰ জোৱানৰ মৃত্যুৰ পাছতে দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই আক্ৰমণক গৰিহণা দি মৃত্যু হোৱা বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সম্প্ৰতি কূটাঘাত সংঘটিত কৰা সন্ত্ৰাসবাদীয়ে যাতে ম্যানমাৰলৈ পলায় যাব নোৱাৰে তাৰ প্ৰতি ভাৰতীয় সেনা বাহিনীয়ে চোঁকা নজৰ ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *