মণিপুৰ

মণিপুৰত জেডি(ইউ)ৰ মোক্ষম আঘাত, পাঁচজনকৈ বিধায়কৰ বিজেপিত যোগদান…

মণিপুৰত জেডি(ইউ)ৰ মোক্ষম আঘাত।

পাঁচজনকৈ বিধায়কে যোগদান কৰিলে বিজেপিত।

শেহতীয়া বিধানসভা নিৰ্বাচনত জয়লাভ কৰা জে ডি ইউৰ পাঁচজনকৈ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে।

বিধায়ক কেইজন হৈছে- থাংমেইবেন্দ সমষ্টিৰ বিধায়ক খুম্পচাম জয় কিষাণ, টিপাইমুখ সমষ্টিৰ গ্ৰুছাংগলুৰ চানাটে, জিৰিবাম সমষ্টিৰ বিধায়ক আচাব উদ্দিন, ৱাংখেই সমষ্টিৰ বিধায়ক থাংজাম অৰুণ কুমাৰ আৰু চুৰচান্দপুৰ সমষ্টিৰ বিধায়ক এল এম খাউটেই।

image 17

এই সন্দৰ্ভত পাঁচ দল ত্যাগী বিধায়কে মণিপুৰ বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰিছে এক পত্ৰ।

লগতে পত্ৰ খনত সংবিধানৰ দশম অনুসূচীৰ নিয়ম অনুসৰি তেওঁলোকক জে ডি ইউৰ বিপৰীতে বিজেপি দলৰ বিধায়ক হিচাপে মান্যতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

ইয়াৰ লগে লগে মণিপুৰত বিজেপিৰ বিধায়কৰ সংখ্যা ৩৭ গৰাকী।

উল্লেখ্য যে মণিপুৰত জেডি(ইউ)ৰ বিধায়কৰ সংখ্যা আছিল ৬ গৰাকী। ৫ গৰাকী বিধায়ক বিজেপিত চামিল হোৱাত বৰ্তমান মণিপুৰৰ জেডি(ইউ)ৰ বিধায়ক মাত্ৰ এজনহে ৰ’লগৈ।