শোকাৱহ! নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱান কিশোৰে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী চিআৰপিএফ জোৱানে।

নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী চিআৰপিএফ জোৱান।

নিহত চিআৰপিএফ জোৱানজন কিশোৰ কলিতা বুলি জানিব পৰা গৈছে।

G3
শোকাৱহ! নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱান কিশোৰে... 4

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰাত নিশা সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা।

চিআৰপিএফত কৰ্মৰত যুৱকজনে ছুটী লৈ নিজ ঘৰলৈ আহিছিল।

image 25
শোকাৱহ! নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱান কিশোৰে... 5

জানিব পৰা মতে, যুৱকজনৰ জন্ম দিন উপলক্ষে ম’ৱাইল ফোন ক্ৰয় কৰাৰ বাবে ওচৰতে থকা কাবাইটাৰী বজাৰলৈ গৈছিল৷ কিন্তু ম’বাইল লৈ নিজ ঘৰলৈ উভতি আহি যুৱকজনে জন্মদিন পালন কৰিব নোৱাৰিলে৷

vlcsnap 2022 09 03 15h04m14s212
শোকাৱহ! নিজৰ জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱান কিশোৰে... 6

বজাৰৰ পৰা AS19 R 33397 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখনেৰে আহি থকা সময়তে অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰে। যাৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু হয়।

এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ৷