ভয়ংকৰ ভূমিস্খলন! মাটিৰ তলত সোমাই পৰিল ট্ৰাক-ইন’ভা বাহন

নিউজ ডেস্ক। অসমৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহতাে মুষলধাৰ বৰষুণে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

হঠাতে অহা পানীৰ ঢলত বিধ্বস্ত হৈ পৰিছে গুৰুত্বপূৰ্ণ বাট-পথ।

অনুৰূপ ঘটনা সংঘটিত হ’ল গুৱাহাটী-বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত।

মেঘালয়ৰ পূব জয়ন্তী পাহাৰীয়া জিলাখনৰ অন্তৰ্গত সোনাপুৰ আৰু লুমছুলুমত ৰাষ্ট্ৰীয় ঘাইপথত ভয়বাহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

p2 1
ভয়ংকৰ ভূমিস্খলন! মাটিৰ তলত সোমাই পৰিল ট্ৰাক-ইন’ভা বাহন 3

এই ভূমিস্খলনৰ ফলতে ঠায়ে ঠায়ে পথটোৰ বৃহত অংশ ছিঙি গৈছে ৷

ভূমিস্খলনৰ কবলত পৰিছে বহু যান-বাহন।

p10
ভয়ংকৰ ভূমিস্খলন! মাটিৰ তলত সোমাই পৰিল ট্ৰাক-ইন’ভা বাহন 4

পথৰ সৃষ্টি হােৱা বৃহৎ গাঁতত সােমাই পৰিছে ট্ৰাকৰ লগতে যাত্ৰী কঢ়িওৱা বাহনসমূহ।

অৱশ্যে এনে ঘটনাত কথামাপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ ৷

বুধবাৰে নিশা নতুনকৈ আৰু কেইবাটাও স্থানত ভূমিস্খলন হৈছে ৷

ভূমিস্খলনৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ পৰিছে।

বৰাক, ত্ৰিপুৰা ,মিজোৰাম আৰু মনিপুৰলৈ যাত্ৰা কৰা শ শ যান-বাহন ঘাইপথৰ ওপৰতে আবদ্ধ হৈ পৰিছে।