মেঘালয়ত এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপকৰ।
দুৰ্ঘটনাটোত নিহত হয় মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ ফাৰ্ডিনান্দ বি লিংডোৰ
নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ।
তুৰা-শ্বিলং পথৰ উমডেনত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, দীঘলীয়া যাত্ৰা কৰি ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই জিৰণী লৈছিল লোকজনে।
সেই সময়তে গাড়ীখনত জুইৰ সূত্ৰপাত হয় আৰু প্ৰচণ্ড বিস্ফোৰণ ঘটে।









