বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব চৰ্চিত আৰক্ষী বিষয়া থৌনাওজাম বৃন্দাই…

নিউজ ডেস্ক। মণিপুৰৰ নিৰ্ভীক মহিলা আৰক্ষী বিষয়া থৌনাওজাম বৃন্দাই প্ৰতিদ্বন্দিতা আগবঢ়াব নিৰ্বাচনত।

আগন্তুক ২০২২ চনৰ মণিপুৰৰ সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দিতা আগবঢ়াব। তেওঁ য়াইচকুল বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ২০১৮ চনত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযান তথা এক গোচৰৰ বাবে শিৰোনাম দখল কৰিছিল।

Epm-Ok42-VQAA43-Md

বৃন্দাই মণিপুৰত চোৰাং ব্যৱসায় নিয়ন্ত্ৰণত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে সেই বছৰতে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক লাভ কৰিছিল। তেওঁৰ বীৰত্বক প্ৰশংসা কৰিছিল সকলোৱে।

অৱশ্যে ২০১৮ চনত ড্ৰাগছ ৰখা তথা সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সাতজন লোকৰ ভিতৰত স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ লুকোছেই জৌক ইম্ফলৰ এখন বিশেষ আদালতে নিৰ্দোষী সাব্যস্ত কৰাৰ পিছত তেওঁ সেই বঁটা ঘূৰাই দিছিল।

E-w-Uye-OVEAI9-Hdf

প্ৰণিধানযোগ্য যে ২০২০ চনত থৌনাওজাম বৃন্দাই আদালতৰ নথিত অভিযোগ কৰিছিল যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জৌক মুক্তি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল।

তেওঁ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বিষয়ত সোচ্চাৰ হৈছিল আৰু তেওঁৰ বিৰুদ্ধে তদন্তত পলম কৰাৰ অভিযোগ কৰিছিল। ইয়াৰ পিছতেই বিষয়টো সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল।

Leave a Comment